গুৱাহাটী, ১০ জানুৱাৰীঃ ত্ৰিপুৰাত অ'মিক্ৰনত আক্রান্তৰ সংখ্যা বৃদ্ধি হোৱা পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে ১০ ৰ পৰা ২০ জানুৱাৰীলৈ নিশা ৯ বজাৰ পৰা পুৱা ৫ বজালৈ নৈশ সান্ধ্য আইন জাৰী কৰে।
এক চৰকাৰী জাননী অনুসৰি, চিনেমা হল, ক্ৰীড়া কমপ্লেক্স আৰু ষ্টেডিয়াম, মনোৰঞ্জন পাৰ্ক, বাৰ আদি ৫০ শতাংশৰ সৈতে খুলিব পাৰিব, আনহাতে জিম আৰু চুইমিং পুল এক-তৃতীয়াংশ মানুহৰ উপস্থিতিৰ সৈতে খুলিব পাৰিব।
নিৰ্দেশনাত লগতে উল্লেখ কৰা হৈছে যে দোকান আৰু অন্যান্য বাণিজ্যিক প্ৰতিষ্ঠানসমূহ পুৱা ৬ বজাৰ পৰা সন্ধিয়া ৮.৩০ বজালৈ খোলা ৰাখিব পাৰিব।
ইপিনে, বিবাহ অনুষ্ঠানত সৰ্বাধিক ১০০ জন ব্যক্তি ক'ভিড প্ৰট'কল মানি উপস্থিত থাকিব পাৰিব আৰু অন্ত্যেষ্টিক্ৰিয়াত মুঠ ২০ জন লোকক অনুমতি দিয়া হ'ব। মুকলি ঠাইত কোনো ধৰণৰ ৰাজহুৱা সভা অনুষ্ঠিত নহ'ব, লগতে ক'ভিড প্ৰট'কল অনুযায়ী বন্ধ স্থানত এক-তৃতীয়াংশ ক্ষমতাৰ সৈতে সভা বা সমাৱেশৰ অনুমতি দিয়া হ'ব বুলি নিৰ্দেশনাত উল্লেখ কৰা হৈছে।
Comments