দিখৌমুখ , ১০ জানুৱাৰী :অসমীয়া ৰাইজৰ অতি আপোন এশিঙীয়া গঁড়ৰ চিহ্নযুক্ত ৰঙাবাছে ৰাজ্য খনৰ ইমূৰৰ পৰা সীমূৰলৈ যাত্ৰী পৰিবহণত বিশেষ ভূমিকা পালন কৰি কালক্ৰমত নাইকিয়া হৈ পৰাৰ সময়তে অসম ৰাজ্যিক পৰিবহণ নিগমৰ শিৱসাগৰ আস্থান অধীক্ষকৰ তৎপৰতাত আৰু গৌৰীসাগ আস্থান পৰিচালকৰ সহযোগত গ্ৰাম্য বাছসেৱা আচনিৰ অধীনত আজিৰে পৰা দিখৌমুখ শিৱসাগৰ নগৰৰ মাজত এখন বাছ চলাচল আৰম্ভ হয় ।
ব্যক্তিগত খণ্ডৰ যানবাহনৰ তুলনাত অতি কম মূল্যৰ ভাড়াত চলিব লগা উক্ত বাছ সেৱাই ৰাইজক যঠেষ্ট আৰ্থিক সকাহ দিব বুলি সচেতন মহলে আশা ব্যক্ত কৰিছে । উল্লেখযোগ্য যে পুৱা ন বজাত দিখৌমুখ টেলিয়াডোঙাৰ পৰা যাত্ৰা আৰম্ভ কৰিবলগীয়া বাছখনে বিয়লি চাৰিবজাত শিৱসাগৰৰ পৰা দিখৌমুখলৈ আহিব বুলি গৌৰীসাগৰ আস্থান পৰিচালক চৈতন্য নেওগে জনাইছে ।
আজি পুৱা চৈতন্য নেওগে আতধৰা উদ্বোধনী অনুষ্ঠানত দিখৌমুখ প্ৰেছক্লাৱৰ সভাপতি প্ৰশান্ত দত্তকে ধৰি বহুসংখ্যক লোকৰ উপস্থিতিত অৱসৰপ্ৰাপ্ত শিক্ষক ঘনশ্যাম পাংগিঙে ফিটাকাটি আনুষ্ঠানিকভাৱে বাছসেৱাৰ শুভাৰম্ভ কৰে ।
Comments