নলবাৰী,১০জানুৱাৰী:পূব নলবাৰী শিক্ষা খণ্ডৰ উদ্যোগত আজি নলবাৰী নাট্য মন্দিৰত ৰাষ্ট্ৰীয় শিক্ষানীতি,২০২০ শীৰ্ষক এক সজাগতা সভা অনুষ্ঠিত কৰে।আগন্তুক শিক্ষা বৰ্ষৰ পৰা আৰম্ভ হব লগা নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি সম্পৰ্কে শিক্ষক সকলৰ মাজত সজাগতা সৃষ্টিৰ বাবে এই সজাগতা সভাখন অনুষ্ঠিত কৰা হয়।
খণ্ড প্ৰাথমিক শিক্ষা বিষয়া ইনামূল মজিদে আঁতধৰা সভাখন বন্তি প্ৰজ্জ্বলন কৰি উদ্বোধন কৰে জিলা প্ৰাথমিক শিক্ষা বিষয়া সীমান্ত কুমাৰ ডেকাই।ভাষণ প্ৰসংগত ডেকাই শিক্ষক সকলক নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি সম্পৰ্কে খৰচি মাৰি বুজি লৈ আগবাঢ়িবলৈ আহ্বান জনায়।তেওঁ কয় যে নতুন শিক্ষা নীতিয়ে ছাত্ৰ ছাত্ৰী সকলৰ ৰুচি অভিৰুচিৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰা হৈছে।
সভাত বিদ্যালয় সমূহৰ উপ পৰিদৰ্শক ভূপেন্দ্ৰ নাথ শৰ্মা,জিলা আঁচনি বিষয়া আবেদুৰ ৰহমানে ভাষণ দিয়ে।সভাত আলোচক হিচাপে অংশগ্ৰহণ কৰে নলবাৰীৰ জিলা শিক্ষা প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ প্ৰবক্তা ময়ুৰী মহন্তই কয় যে নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে শিক্ষাৰ ক্ষেত্ৰত এক আমূল পৰিবৰ্তন আনিবলৈ সক্ষম হব।
তেওঁ কয় যে এই শিক্ষানীতিৰ অধীনত শিক্ষক সকলৰ দক্ষতা আৰু তেওঁলোকৰ সেৱা নিৰীক্ষণৰ ব্যৱস্থা কৰা হব।তেওঁ শিক্ষক সকলক নিজকে দক্ষ কৰি তোলাত গুৰুত্ব দিবলৈ আহ্বান জনায়।দুটা ভাগত অনুষ্ঠিত সভা খনত পূব নলবাৰী শিক্ষা খণ্ডৰ ৪২২ খন বিদ্যালয়ৰ পৰা এজনকৈ শিক্ষকে অংশগ্ৰহণ কৰে।
Comments