Classifieds
View All
গুৱাহাটী, ১১ জানুৱাৰীঃ কামৰূপ মহানগৰ জিলা প্ৰশাসনে মাস্ক আৰু ক'ভিডৰ দুয়োপালি ভেকছিন প্ৰমাণপত্ৰ কঢ়িয়াই লৈ নহা লোকসকলৰ বিৰুদ্ধে গুৱাহাটীৰ ভঙাগড়স্থিত বিগ বজাৰ আৰু ৰূদ্ৰাক্ষ মলত এক ক'ভিড সজাগতা অভিযান চলায়।
অসম চৰকাৰে ৭ জানুৱাৰীত ক'ভিডৰ বৰ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এখন নতুন এছ অ' পি জাৰী কৰিছিল য'ত উল্লেখ কৰা হৈছিল যে, "কেৱল দুয়োপালি ছিটাকৰণ কৰা লোকহে ৰাজহুৱা স্থান যেনে শ্বপিং মল, চিনেমা হল, থিয়েটাৰ আদিলৈ যাব পাৰিব আৰু যদি কোনো লোকক মাস্ক আৰু ক'ভিড ছিটাকৰণ প্ৰমাণপত্ৰ অবিহনে ৰাজহুৱা স্থানত প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া হয়, তেন্তে নিৰ্দিষ্ট প্ৰতিষ্ঠানটোৱে ২৫,০০০ টকা পৰ্যন্ত জৰিমনা ভৰিব লাগিব।"
ইপিনে, গুৱাহাটীত প্ৰশাসনৰ অভিযানকালত মাস্ক পৰিধান নকৰাৰ বাবে তিনিজন লোকে জৰিমনা ভৰিবলগা হৈছে।
Comments