সোণাৰি ১৩ জানুৱাৰী: চৰাইদেউ জিলাৰ সোণাৰি ৰাজহ চক্ৰৰ অন্তৰ্গত সোণাৰি নগৰৰ ষ্টেট বেংকৰ বহুকেইজন ব্যক্তিৰ ক'ভিড-১৯ পজিটিভ পোৱা গৈছে।
তদুপলক্ষ্যে চৰাইদেউ জিলাৰ উপায়ুক্ত পল বৰুৱাই এক আদেশযোগে ১৩ জানুৱাৰী, ২০২২ ৰ আবেলি ৪ বজাৰ পৰা ১৭ জানুৱাৰী, ২০২২ লৈকে উক্ত স্থানক কনটেইনমেণ্ট জ'ন হিচাবে ঘোষণা কৰিছে আৰু সোণাৰি ৰাজহ চক্ৰৰ চক্ৰ বিষয়া চৈতালি ৰাণী দত্তক তৎকালে উক্ত অঞ্চলটোক ছীল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।
কনটেইনমেণ্ট জ'নৰ চাৰিসীমাকেইটা হৈছে সোণাৰি ষ্টেট বেংকক কণ্টেইনমেণ্ট জ'নৰ কেন্দ্ৰস্থল হিচাবে লৈ পূব দিশে শান্তিপুৰ - ধোদৰ আলি সংযুক্ত পথলৈকে, পশ্চিমে ভগৱতী প্ৰসাদ বৰুৱা সোঁৱৰণি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰৰ ফালে থকা চাৰিসীমালৈকে, উত্তৰে গিৰিণ শইকীয়াৰ বাসগৃহৰ ফালে থকা চাৰিসীমালৈকে আৰু দক্ষিণে লাবণ্য শইকীয়াৰ বাসগৃহৰ ফালে থকা চাৰিসীমালৈকে।
উক্ত অঞ্চল সমূহত কোনো ব্যক্তি বা বাহনৰ প্ৰৱেশ তথা জনসমাগম নিষিদ্ধ কৰা হৈছে আৰু কেৱল অত্যাৱশ্যকীয় সেৱাসমূহহে এই অঞ্চলত উপলব্ধ হ'ব ।
এই আদেশ অমান্য কৰিলে আদেশ ভংগকাৰীৰ বিৰুদ্ধে দি আসাম ক'ভিড-১৯ ৰেগুলেচনছ,২০২০, দি ডিজাছটাৰ মেনেজমেন্ট এক্ট, ২০০৫, দি এপিডামিক ডিজিজেছ এক্ট, ১৯৮৭ ৰ মতে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব ।
Comments