গুৱাহাটী, ১৫ জানুৱাৰীঃ শনিবাৰে প্ৰচণ্ড কুঁৱলীৰ বাবে গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটীলৈ যাতায়াত কৰা ফেৰী সেৱা স্থগিত কৰি ৰখা পৰিপ্ৰেক্ষিতত 'মাঘ' মাহৰ প্ৰথম দিনটোত মন্দিৰ দৰ্শন কৰাৰ পৰিকল্পনা কৰা তীৰ্থযাত্ৰীসকল হতাশ হৈ পৰিবলগীয়া হয়।
শনিবাৰে ৰাতিপুৱা ঘন কুঁৱলীৰ বাবে বিভাগীয় কৰ্তৃপক্ষই উত্তৰ গুৱাহাটীলৈ যোৱা ফেৰী সেৱা স্থগিত কৰি ৰাখে। যাৰ ফলত তীৰ্থযাত্ৰী আৰু অন্য লোকসকল হতাশ হৈ পৰে, কিয়নো মাঘ মাহৰ পৱিত্ৰ দিনটোত সাধাৰণতে তীৰ্থযাত্ৰীসকলে উত্তৰ গুৱাহাটীৰ বিভিন্ন মন্দিৰ দৰ্শন কৰা পৰিলক্ষিত হয়।
এই সময়চোৱাত ৰাজ্যখনৰ মানুহে শস্য চপোৱাৰ লগতে নতুন বছৰৰ আৰম্ভণি উপলক্ষে উত্তৰ গুৱাহাটীত অৱস্থিত বিভিন্ন মন্দিৰ দৰ্শন কৰাৰ পৰিকল্পনা কৰে। যদিও তীৰ্থযাত্ৰীসকলৰ যাতায়তৰ বিকল্প সীমিত আছিল তথাপিও কৰ্তৃপক্ষই ঘন কুঁৱলীৰ বাবে ফেৰী সেৱা স্থগিত কৰি ৰখাৰ সিদ্ধান্ত ল'ব লগা হয়। কৰ্তৃপক্ষই লগতে জনায় যে বতৰ পৰিষ্কাৰ নোহোৱালৈকে ফেৰী সেৱা স্থগিত ৰখা হ'ব।
Comments