গুৱাহাটী, ১২ জানুৱাৰীঃ যিসকল লোকে বিমানেৰে ভ্ৰমণ কৰি ভাল পাই, তেন্তে এই বাতৰিটোৱে তেওঁলোকক আৰু আনন্দিত কৰিব। কিয়নো, যিসকল লোকে ক'ভিড ভেকছিনৰ দুয়ো পালি গ্ৰহণ কৰিছে তেওঁলোকক এটা বিমান কোম্পানীয়ে টিকটৰ ভাড়াত ২০ শতাংশ ৰেহাই প্ৰদান কৰিছে।
এই বাম্পাৰ অফাৰৰ বিষয়ে গোফাৰ্ষ্ট এয়াৰলাইনছৰ ৱেবছাইটত দিয়া হৈছে। কোম্পানীটোৱে ৱেবচাইটত লিখিছিল, "ছিটাকৰণৰ দুয়ো পালি গ্ৰহণ কৰক আৰু গোফাৰ্ষ্টৰ সৈতে দুগুণ লাভালাভ প্ৰাপ্ত কৰক! গোফাৰ্ষ্টে জি.ও.ভি.এ.চি.চি.আই. (GOVACCI)ৰ অধীনত যিসকলে ভেকছিনৰ দুয়ো পালি লৈছে তেওঁলোকে ঘৰুৱা বিমান যাত্ৰাত ২০ শতাংশ ৰেহাই পাব।"
প্ৰথমে ক'ভিড সংক্ৰমণৰ পিছত, আৰ.টি.-পি.চি.আৰ. পৰীক্ষাৰ নিগেটিভ ৰিজাল্ট দেখুওৱাৰ পিছতহে বিমান ভ্ৰমণৰ অনুমতি দিয়া হৈছিল। এতিয়া যেতিয়া চৰকাৰে ছিটাকৰণৰ বাবে নিৰন্তৰ অনুপ্ৰেৰণা যোগাই আছে, এয়াৰলাইন কোম্পানীবোৰেও যাত্ৰীসকলক বিশেষ অফাৰ আগবঢ়াই আহিছে। এই অফাৰবোৰৰ উদ্দেশ্য হৈছে মানুহক ছিটাকৰণৰ বিষয়েও সজাগ কৰা। ইয়াৰ পূর্বে ইণ্ডিগ' বিমান কোম্পানীয়েও যাত্ৰীসকলক একে ধৰণৰ প্ৰস্তাৱ দিছিল।
ওপৰত উল্লেখ কৰা অফাৰটো পাবলৈ এই পদক্ষেপবোৰ অনুসৰণ কৰিব লাগিবঃ
১. প্ৰথমে, গ'এয়াৰৰ ৱেবছাইটলৈ যাওক।
২. তাৰ পিছত, টিকট বুক কৰোঁতে, আগমন আৰু প্ৰস্থানৰ বিৱৰণ প্ৰবিষ্ট কৰক।
৩. এতিয়া বা সোঁফালে দিয়া ৱাক্সি ফেয়াৰ বিকল্পটো বাছনি কৰক।
৪. তাৰ পিছত জি.ও.ভি.এ.চি.চি.আই. (GOVACCI) টাইপ কৰি দাখিল কৰক।
৫.ইয়াৰ পিছত, 'ভেক্সি অফাৰ' সোঁফালে ওলাব, ইয়াত বুকিং সম্পৰ্কীয় তথ্য লাভ কৰিব পাৰিব।
৬. এইটো প্ৰয়োগ কৰাৰ পিছত, বুকিং সম্পূৰ্ণ হ'ব।
* বুকিং চৰ্তাৱলী আৰু নিয়মাৱলী
১. এই অফাৰটো কেৱল ঘৰুৱা বিমান যাত্ৰাৰ টিকটৰ ভাড়াত হে প্ৰযোজ্য হ'ব।
২. বুকিং কৰা তাৰিখৰ পৰা ১৫ দিনৰ অধিক ভ্ৰমণত এই অফাৰটো লাভ কৰিব পাৰে।
৩. এই অফাৰৰ অধীনত, ৩১ জানুৱাৰী, ২০২২ লৈকে টিকট বুক কৰিব পাৰিব।
Comments