গুৱাহাটী, ১২ জানুৱাৰীঃ গৰু আৰু ম'হ পালন কৃষকসকলে সদায়ে বিচাৰে যে তেওঁলোকৰ গৰুটোৱে ভাল আহাৰ গ্ৰহণ কৰি ভাল গাখীৰ উৎপাদন কৰক। যাতে ইয়াৰ পৰা কৃষকৰ পৰিয়ালটোৱে এক সুন্দৰ জীৱন যাপন কৰিব পাৰে। অধিক গাখীৰ দিয়া গৰু আৰু ম'হৰ মূল্য লাখ টকাৰো অধিক। টকা থকা কৃষকসকলে এই পশুধন ক্ৰয় কৰিবলৈ যিকোনো মূল্য পৰিশোধ কৰিবলৈ সাজু। অৱশ্যে, সমস্যাটো সেই কৃষকসকলৰ বাবে যিসকল দৰিদ্ৰ আৰু তেওঁলোকৰ গৰুবোৰে কম গাখীৰ উৎপাদন কৰি আছে। এনে পৰিস্থিতিত, এজন ব্যক্তিয়ে এক আশ্চৰ্যকৰ সঁজুলি তৈয়াৰ কৰি উলিয়াইছে, যাৰ বাবে গৰু আৰু ম'হবোৰে কেৱল মুকলি পথাৰ উপভোগ কৰাই নহয়, লগতে অধিক গাখীৰ দিবলৈও সক্ষম হৈছে।
এজন তুৰ্কী খেতিয়কে উচ্চ পৰ্যায়ৰ সঁজুলি প্ৰস্তুত কৰি তেওঁৰ পোহনীয়া গৰুটো উৎকৃষ্ট মানৰ কৰি তুলিছিল। বৰ্তমান তেওঁ গৰুটোক ঘৰৰ সন্মুখত বান্ধি থৈ দিছে কিন্তু গৰুটোৱে খেতিয়কজনৰ পৰিয়ালৰ ভালদৰে চলিবলৈ পৰ্যাপ্ত গাখীৰ দি আছে। কেৱল এয়াই নহয়, গৰুৱে অনুভৱ কৰে যে সি এখন ডাঙৰ পথাৰত চৰি আছে। বৰ্তমান গৰুটোৱে ৫ লিটাৰতকৈও অধিক গাখীৰ দিয়া আৰম্ভ কৰিছে।
খেতিয়কজনে তেওঁৰ গৰুবোৰক ভাৰ্চুৱেল ৰিয়েলিটি সংযুক্ত চশমা পিন্ধাইছিল, যি পিন্ধিলে গৰুবোৰে এনে অনুভৱ কৰে যেন সিঁহতে মুকলি পথাৰত চৰি আছে। এই প্ৰযুক্তিৰ জৰিয়তে খেতিয়কজনে লাভান্বিত হোৱাৰ লগেতে আন কৃষকসকলকো তেনে কৰিবলৈ পৰামৰ্শ দিয়ে। আকচৰাই চহৰৰ বাসিন্দা কৃষক ইজ্জত কোকাকে তেওঁৰ দুটা গৰুৰ ওপৰত ভি-আৰ চশমা স্থাপন কৰিছিল। এক অধ্যয়নত প্ৰকাশ পাইছিল, এই সঁজুলিৱে গৰুবোৰক এক মনোৰম দৃশ্য প্ৰদান কৰে আৰু অধিক গাখীৰ উৎপাদন কৰিবলৈ সক্ষম হয়।
বিশেষ প্ৰতিবেদনত প্ৰকাশিত তথ্য অনুসৰি, এই ভি-আৰ চশমাৰ পদ্ধতিটোৱে সঁচাকৈয়ে ভাল ফলাফল দেখুৱাইছিল আৰু গাখীৰৰ উৎপাদন প্ৰতিদিনে ২২ লিটাৰৰ পৰা ২৭ লিটাৰলৈ বৃদ্ধি পাইছিল। কিয়নো গৰুবোৰে ভি.আৰ চশমাৰ জৰিয়তে সেউজীয়া চৰণীয়া পথাৰ এখন দেখা পাই, যি সিঁহতক এক আৱেগিক উৎসাহ প্ৰদান কৰে, যাৰ ফলত কৃষকজনো এতিয়া অতি কম চাপত আছে।
Comments