কাকপথাৰ, ১২জানুৱাৰীঃ কভিড' পৰিস্থিতিৰ মাজতে নববৰ্ষতে ডুমডুমাৰ এচাম যুবকৰ সহযোগত এখন চুটি ছবিৰ শুভ মুক্তি হব ওলাইছে। "গ্ৰাহ্য,,,,to embrace " নামৰ ছবিখনৰ চিত্ৰনাট্যৰ পৰিচালক তথা প্ৰযোজক সাংস্কৃতিককৰ্মী ত্ৰিদীপ কাকতী।
প্ৰায় ১৪ বছৰ বিৰতিৰ পিছত, কেমেৰা সন্মুখলৈ পুনৰ ভূমুকি মৰা অসমীয়া বোলছবি জগতৰ অন্যতম আগশাৰীৰ জনপ্ৰিয় অভিনেত্ৰী মৃদুলা বৰুৱাৰ লগতে ছবিখনৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰিছে 'আমিষ' ছবিৰ পৰিচিত শিল্পী অঘ্ৰদীপ বৰুৱা, অৰুণ নাথ, আইচেংফা বৰুৱা আৰু শিশু শিল্পী ঔম। ছবি মহোৎসৱৰ লক্ষ্যৰে নিৰ্মাণ কৰা ছবিখনৰ মূখ্য সহকাৰী পৰিচালক কংকন জ্যোতি শইকীয়া ,আলোকচিত্ৰণ,চিদা বৰা আৰু শব্দ গ্ৰহণ আৰু মিশ্ৰণ ২০২০ বৰ্ষৰ ৰজত কমল বঁটা প্ৰাপ্ত দেবজীত গায়ন।
বৰ্তমানলৈকে কেইবাখনো ৰাষ্ট্ৰীয় আন্তঃৰাষ্টীয় মহোৎসৱলৈ মনোনিত ছবিখনৰ পাণ্ডুলিপি প্ৰতিলিপন পূন্জনজ্যোতি সোনোৱাল আৰু আবাহ সংগীতত সৌৰভ মহন্তৰ। ইত্যিমধ্যে মুক্তিৰ বাবে সাজু হে উঠা চুটি ছবিখন ভোগালী বিহুৰ পাছতে আনুষ্ঠানিক মুক্তি লাভ কৰিব বুলি প্ৰযোজক তথা পৰিচালক ত্ৰিদীপ কাকতীয়ে জানিবলৈ দিছে।
Comments