Cartoon
View Older
গুৱাহাটী,১২ জানুৱাৰী:অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে বৃহস্পতিবাৰে নিশা অসমত মাঘ বিহুৰ নিশা উৰুকাৰ প্ৰতি লক্ষ্য ৰাখি ক'ভিড-১৯ গোচৰ বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত জাৰি কৰা কাৰফিউ আংশিকভাৱে শিথিল কৰিছে।
বুধবাৰে জিলা বিষয়া আৰু আৰক্ষী বিষয়াসকললৈ এক বাৰ্তা প্ৰেৰণ কৰি এএছডিএমএৰ মুখ্য কাৰ্যবাহী বিষয়া জ্ঞানেন্দ্ৰ ত্ৰিপাঠীয়ে কয়"অসমত ভোগালী বিহু উদযাপনৰ পৰিপ্ৰেক্ষিতত,ক'ভিড-১৯ নিয়ন্ত্ৰণৰ বাবে জাৰি কৰা নিশাৰ কাৰফিউ আংশিকভাৱে শিথিল কৰা হৈছে। এতিয়া, ১৩ জানুৱাৰী, ২০২২ ৰ নিশা ১১ বজাৰ পৰা ১৪ জানুৱাৰী, ২০২২ ৰ পুৱা ৪ বজালৈহে নিশাৰ কাৰফিউ কাৰ্যকৰী হ'ব"।অৱশ্যে, ১৪ জানুৱাৰীৰ পৰা, নিশাৰ কাৰফিউৰ সময়সীমা পূৰ্বৰ মতে চলি থাকিব।
Comments