গুৱাহাটী, ১৫ জানুৱাৰীঃ ৰাজ্যত আৰক্ষীৰ গুলীচালনাৰ আন এক ঘটনাত গোৱালপাৰাত এজন লোক আহত হয়। আৰক্ষীয়ে এ টি এম ডকাইতলৈ গুলীচালনা কৰাৰ ফলত ডকাইতটো গুলিবিদ্ধ হয়। গোৱালপাৰাৰ নয়নপাৰাত সংঘটিত ঘটনাটোত আহত ডকাইতটো গোৱালপাৰাৰ কৃষ্ণাইৰ বাসিন্দা মুচাদিক হুছেইন বুলি চিনাক্ত কৰা হৈছে।
অভিযুক্ত হুছেইনে এটা এটিএম ডকাইতিত জড়িত আছিল বুলি অভিযোগ কৰা হৈছে। আৰক্ষীয়ে এটিএমত সংলগ্ন হৈ থকা চি চি টিভি ফুটেজ নিৰীক্ষণ কৰি হুছেইনক নয়নপাৰা অঞ্চলত থকা তেওঁৰ ভাড়াঘৰৰ পৰা বিচাৰি উলিয়াবলৈ সক্ষম হৈছিল। আৰক্ষীয়ে লগতে জনায় যে, অভিযুক্ত হুছেইনে আৰক্ষীৰ দলটো ওচৰলৈ অহা দেখি পলায়ন কৰিবলৈ চেষ্টা কৰিছিল। সেয়েহে, আৰক্ষীয়ে অভিযুক্তজনক পলাই যোৱাৰ পৰা বাধা দিবলৈ গুলীচালনা কৰিব লগা হৈছিল।
পৰৱৰ্তী সময়ত অভিযুক্ত হুছেইন গুলীচালনাত আঘাতপ্ৰাপ্ত হয় আৰু আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় বৰ্তমান অভিযুক্ত ডকাইতটো চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।
Comments