জলপাইগুৰি, কলকাতা, ১৫ জানুৱাৰী ঃ শনিবাৰে ৰে’লৱে ব’র্ডৰ অধ্যক্ষ ভি কে ত্রিপাঠীয়ে পশ্চিম বংগৰ জলপাইগুৰি জিলাত বিকানেৰ-গুৱাহাটী এক্সপ্রেছ ৰে’লখন পথচু্যত হোৱা স্থান পৰিদর্শন কৰে আৰু কয় যে দুর্ঘটনা সম্পর্কীয় সকলো দিশ পুংখানুপুংখভাৱে তদন্ত কৰা হ’ব৷ যোৱা বৃহস্পতিবাৰে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ আলিপুৰ উপ-সংমণ্ডলৰ দোমহনিৰ সমীপত বিকানেৰ-গুৱাহাটী এক্সপ্রেছ ৰে’লখনৰ ১২টা দবা পথচু্যত হোৱাত ৯জন লোক নিহত আৰু ১২জন লোক আহত হৈছিল
বিয়লি ৫ বজাত ৰে’লখন লাইনচু্যত হোৱাৰ সময়ত ৰে’লখনৰ গতিবেগ আছিল ঘণ্টাত ৪০ কিল’মিটাৰ৷ ১২টা দবাৰ ভিতৰত এটা দবা পানীতো পৰে৷ দুর্ঘটনাৰ সময়ত ৰে’লখনত মুঠ ১ হাজাৰ ৫৩জন যাত্রী আৰু দুর্ঘটনাগ্রস্ত দবাত ৫৭৫জন যাত্রী আছিল৷ ইফালে শনিবাৰে ত্রিপাঠীয়ে জনায়, ‘ৰে’লপথ মুকলি কৰিবলৈ দুর্ঘটনাস্থলীত কাম চলি আছে আৰু সোনকালে সম্পূর্ণ হ’ব৷
দুর্ভাগ্যজনক দুর্ঘটনাটো সন্দর্ভত সকলো দিশ তদন্ত কৰা হ’ব৷’ শুকুৰবাৰে এই পথত কেইবাখনো ইণ্টাৰচিটি আৰু ডেম’ ৰে’ল বাতিল কৰা হৈছিল, আৰু কিছুৰ যাত্রাৰ দূৰত্ব হ্রাস কৰা হৈছিল৷ আন ১০খন দীর্ঘ দূৰত্বৰ ৰে’ল বিকল্প পথেৰে চলোৱা হৈছিল৷ ৰে’ল মন্ত্রী অশ্বিনী বৈষ্ণৱে শুকুৰবাৰে দুর্ঘটনা স্থল পৰিদর্শন কৰি কৈছিল যে ৰে’লৰ ইঞ্জিনৰ যান্ত্রিক বিজুতিয়েই দুর্ঘটনাৰ কাৰণ বুলি প্রাথমিক তদন্তত অনুমান কৰা হৈছে৷ মন্ত্রীজনে আৰু জনায়, ‘মূল কাৰণ (দুর্ঘটনাৰ নেপথ্যত) সোনকালে প্রকাশ পাব৷ ৰে’ল সুৰক্ষা আয়োগে তদন্ত কৰি আছে৷’
আনহাতে ৰে’ল বিভাগে নিহতসকলৰ নিকট আত্মীয়লৈ ৫ লাখ টকাকৈ, গুৰুতৰভাৱে আহতসকললৈ ১ লাখ টকাকৈ আৰু সাধাৰণভাৱে আহত যাত্রীসকললৈ ২৫ হাজাৰ টকাকৈ এককালীন সাহায্যৰ ঘোষণা কৰিছে৷ শেহতীয়া বাতৰি মতে, ১৩ জানুৱাৰীত দুর্ঘটনা ঘটা পশ্চিম বংগৰ ঘটনাস্থলীৰ মাজেদি ৰে’লৰ যাতায়াত স্বাভাৱিক হৈ পৰিছে৷
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মুখপাত্রই শনিবাৰে এই কথা জনায়৷ মুখপাত্রজনৰ মতে উক্ত পথেদি শুকুৰবাৰে ৰাতি ১২ বজাত ৰে’লৰ যাতায়াত আৰম্ভ হয়৷ নিশা ২ বজাত প্রথমখন মালবাহী ৰে’ল উক্ত পথেদি পাৰ হৈ যায়৷ প্রথমখন যাত্রীবাহী ৰে’ল ডিব্রুগড়-নতুন দিল্লী ৰাজধানী এক্সপ্রেছ দুর্ঘটনাস্থলী পাৰ হয় শনিবাৰে পুৱা ১১-৫৩ বজাত৷
Comments