গুৱাহাটী,১৬ জানুৱাৰী:বিৰাট কোহলীয়ে শেহতীয়াকৈ ভাৰতীয় টেষ্ট ক্ৰিকেট দলৰ অধিনায়কত্ব ত্যাগ কৰাৰ ঘোষণা কৰিছে। ইয়াৰ আঁৰৰ কাৰণ হৈছে যে, ভাৰতে অলপতে দক্ষিণ আফ্ৰিকাৰ হাতত অতি শোচনীয় ভাৱে পৰাজিত হৈছিল। এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি বিৰাট কোহলীয়ে কয় যে, তেওঁ তেওঁৰ কাম অতি সততাৰে কৰিছে আৰু তেওঁ নিজ দায়িত্বৰ পৰা পদত্যাগ কৰাৰ সময় আহি পৰিছে।
বিৰাট কোহলীৰ এই সিদ্ধান্তক ৰণবীৰ সিং, আলিয়া ভাট আৰু বৰুণ ধাৱনকে ধৰি বলীউডৰ বহু অভিনেতাই আদৰণি জনায়। বিৰাট কোহলীয়ে ইনষ্টাগ্ৰামত অধিনায়কত্ব ত্যাগ কৰাৰ পোষ্টটো ২ ঘণ্টাত বহুল হাৰত ভাইৰেল হয় আৰু এতিয়ালৈকে ২.৫ নিযুতৰো অধিক লোকে পোষ্টটোক সঁহাৰি জনায়। আনহাতে, বহুলোকে বেলেগ ধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। য’ত বহুলোকে তেওঁৰ সিদ্ধান্তক আদৰণি জনাইছে, আনহাতে বহুতে তেওঁৰ উজ্জ্বল অধিনায়কত্বৰ ইনিংছক প্ৰশংসা কৰিছে। বহুতে তেওঁৰ সিদ্ধান্তক লৈ হতবাক হৈ পৰিছে আৰু তেওঁক পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনাইছে।বিৰাট কোহলীৰ পোষ্টত এজন অনুৰাগীয়ে লিখে যে, “গোটেই দেশখন আপোনাক লৈ গৌৰৱান্বিত।” আনহাতে আন এজনে লিখে যে, “আপুনি সদায় আমাৰ ৰজা কোহলী"।
Comments