গুৱাহাটী,১৬ জানুৱাৰী:ড্ৰাই ফ্ৰুটৰ ভিতৰত খেজুৰ এটা অন্যতম খাদ্য। ইয়াত কিছুমান গুৰুত্বপূৰ্ণ ভিটামিন, খনিজ আৰু প্ৰচুৰ তন্তু থাকে। প্ৰতি ১০০ গ্ৰাম খেজুৰত ২৭৭ গ্ৰাম কেল'ৰি,৭৫ গ্ৰাম কাৰ্ব'হাইড্ৰেট,সাত গ্ৰাম তন্তু,দুই গ্ৰাম প্ৰটিন উপলব্ধ। সেয়েহে, এইটো বিশ্বাস কৰা হয় যে যদি দৈনিক আহাৰত তিনিটা খেজুৰ ৰাখিব পাৰি, তেন্তে বহুতো জটিল স্বাস্থ্য সমস্যাৰ পৰা সকাহ পাব পাৰি।
খেজুৰৰ ভিতৰত আছে পটাছিয়াম, কপাৰ, মেংগানিজ,আইৰণ আৰু বিভিন্ন ভিটামিন। পৰ্যাপ্ত পৰিমাণৰ ফাইবাৰ থকা খেজুৰ খালে শৰীৰত ফাইবাৰৰ পৰিমাণ বাঢ়ে।
খেজুৰত থকা এই ফাইবাৰ কোষ্ঠকাঠিন্য দূৰ কৰে। চিকিৎসকে গৰ্ভৱতী মহিলাসকলক এই কাৰণত প্ৰতিদিনে খেজুৰ খাবলৈ পৰামৰ্শ দিয়ে।
চেনীৰ সলনি খেজুৰ খোৱাটো স্বাস্থ্যৰ বাবে উপযোগী। খেজুৰত যথেষ্ট পৰিমাণৰ এণ্টিঅক্সিডেণ্ট থাকে। এই সকলোবোৰ এণ্টিঅক্সিডেণ্টৰ বাবে এলজাইমাৰ ৰোগ, কিছুমান প্ৰকাৰৰ কৰ্কট ৰোগ, হৃদৰোগ, চকুৰ বিভিন্ন সমস্যা আৰু ডায়েবেটিচৰ মোকাবিলা কৰাত সহায় হয়।
খেজুৰত পৰ্যাপ্ত পৰিমানৰ খনিজ পদাৰ্থ থাকে, বিশেষকৈ ফছফৰাছ, পটাছিয়াম, মেগনেছিয়াম। এই খনিজ পদাৰ্থবোৰে হাড় সম্পৰ্কীয় বিভিন্ন সমস্যাত কাম কৰে, যেনে অষ্টিওপৰ'চিছ।
Comments