গুৱাহাটী,১৬ জানুৱাৰী:কিমানবাৰ ব্যৱহাৰ কৰিব পৰা যাব পাৰে এখন এন ৯৫ মাস্ক? বিশেষজ্ঞসকলৰ মতে, এবাৰ নহয় বৰং সঠিকভাবে ব্যৱহাৰ কৰিলে এখন এই মাস্ক বহু দিন ব্যৱহাৰ কৰিব পৰা যাব পাৰে। কিন্তু ইয়াত এবাৰ পৰিধানযোগ্য লিখা থকাৰ কাৰণ হৈছে, এই ধৰণৰ মাস্ক সাধাৰণতে চিকিৎসকসকলে পিন্ধে।
তেনে ক্ষেত্রত এজন চিকিৎসকে এজন ক'ভিড আক্রান্ত ৰোগীৰ চিকিৎসাৰ পিছত যেতিয়া এজন সুস্থ ব্যক্তিৰ ওচৰলৈ যায়, তেতিয়া যাতে তেওঁলৈ সংক্রমণ বিয়পি নপৰে তাৰ বাবেই মাস্কত এবাৰ ব্যৱহাৰৰ কথা লিখা থাকে। কিন্তু ব্যক্তিগত ব্যৱহাৰৰ সময়ত এন৯৫ মাস্ক পিন্ধাৰ উদ্দেশ্য নিজকে ভাইৰাছৰ পৰা ৰক্ষা কৰা। ফলত তেনে ক্ষেত্রত পৰিবেশ সলনি হ’লেও মাস্ক সলনি কৰাৰ কোনো প্ৰয়োজন নাই।
অৱশ্যে একাধিকবাৰ ব্যৱহাৰ কৰিবলৈ হ’লে কিন্তু মানি চলিব লাগিব কেইটামান নিয়ম।
১। কোনো কাৰণতেই মাস্কৰ সন্মুখৰ অংশত স্পর্শ নকৰিব। অর্থাৎ বাহিৰৰ ফালে নাক আৰু মুখ যিবোৰ অংশত থাকে, মাস্ক খোলা বা পিন্ধাৰ সময়ত কোনো কাৰণতেই তাত হাত নিদিব। খোলা বা পিন্ধাৰ সময়ত সতর্কভাবে মাস্কৰ ৰচি বা কাষৰ অংশবোৰ টানি পৰিধান কৰিব।
২। ভিজিলে, ময়লা হ’লে, মাস্কত ভাঁজ লাগিলেলে বা অন্য কোনোভাবে মাস্কটি ক্ষতিগ্রস্ত হ’লে সেই মাস্ক ব্যৱহাৰ নকৰিব।
৩। যিমান বেছি দিন মাস্ক ব্যৱহাৰ কৰিব স্বাভাবিকভাবেই সিমানেই বেছি বীজাণু ও দূষিত পদাৰ্থ মাস্কত জমা হ’ব। ফলত স্বাভাবিকভাবেই ক্রমশ অসুবিধাজনক হৈ উঠিব শ্বাস লোৱাত। বিশেষজ্ঞসকলৰ মতে, যেতিয়া মাস্ক পিন্ধি শ্বাস লোৱাত অসুবিধাজনক হ’ব তেতিয়াই বুজিব লাগিব সেই মাস্ক আৰু ব্যৱহাৰৰ যোগ্য নহয়
৪। ক'ভিড আক্রান্ত ব্যক্তিৰ ওচৰত থাকিলে এবাৰৰ বেছি এই মাস্ক ব্যৱহাৰ নকৰাই শ্রেয়।
Comments