গুৱাহাটী, ১১ জানুৱাৰীঃ নোৰা ফাতেহী, যিয়ে বলীউডৰ বিভিন্ন সংগীতত তেওঁৰ নৃত্যৰ দ্বাৰা লোকসকলক প্ৰায়ে আকৰ্ষিত কৰি আহিছে, শেহতীয়াকৈ তেওঁ ক'ভিডৰ পৰা আৰোগ্য হৈছে। ক'ভিড পৰীক্ষাত নিগেটিভ হিচাপে চিনাক্ত হোৱাৰ পিছতে নোৰা প্ৰথমবাৰৰ বাবে কেমেৰাৰ সন্মুখত দেখা গৈছে, যি দেখি সামাজিক মাধ্যমৰ সকলো অনুৰাগী হতবাক হৈ পৰিছিল। যাৰ পিছতে সকলোৱে অভিনেত্ৰীগৰাকীক সমালোচনা কৰা আৰম্ভ কৰে।
দৰাচলতে, নোৰা ফাতেহীৰ সৰল ভাৰতীয় চেহেৰাটো অনুৰাগীসকলে যথেষ্ট ভাল পাইছে লগতে নোৰাক সকলোৱে প্ৰশংসাও কৰিছে। ভিডিঅ'টোত নোৰাক আকাশী ৰঙৰ কুৰ্তা আৰু মোজাৰিৰ সৈতে বগা প্ৰিণ্টে থকা পায়জামা পিন্ধা দেখা গৈছিল। অভিনেত্ৰীগৰাকীক মেলি ৰখা চুলিৰ সৈতে কম পৰিমাণে মেকআপ কৰা দেখা গৈছিল।
যদিও নোৰাৰ সৰলতা অনুৰাগীসকলৰ বাবে আনন্দদায়ক, আনহাতে, ক'ভিডৰ পৰা আৰোগ্য হোৱাৰ পিছতো নোৰাই মাস্ক পৰিধান নকৰাত কিছুসংখ্যক অনুৰাগীয়ে মাস্ক নিপিন্ধা বাবে যথেষ্ট সমালোচনা কৰা আৰম্ভ কৰিলে। তাৰে মাজত, এজন অনুৰাগীয়ে মন্তব্য কৰিছিল- "ক'ভিডৰ পিছতো, মাস্ক পিন্ধা প্ৰযোজ্য নহয়!" আন এজন অনুৰাগীয়ে মন্তব্য কৰিছিল- "হেই এয়া কি আছিল, আপুনি এনেদৰে ক'লৈ গৈছিল?'" আনহাতে, তৃতীয় অনুৰাগীয়ে মন্তব্য কৰিছিল- "মাস্ক ক'ত আছে, দিদি?"
ইপিনে, নোৰা ক'ভিডত আক্রান্ত হোৱাৰ কথা ক'বলৈ গ'লে তেওঁ ২০২১ চনৰ ৩০ ডিচেম্বৰত ক'ভিড পজিটিভ হিচাপে চিনাক্ত হৈছিল। যাৰ পিছত তেওঁ নিজকে পৃথক কৰি ৰাখিছিল। বিশেষ কথাটো হ'ল অভিনেত্ৰীগৰাকীয়ে নিজেই তেওঁৰ ক'ভিড আক্রান্ত হোৱাৰ বিষয়ে সামাজিক মাধ্যমত তথ্য আগবঢ়াইছিল। বৰ্তমান, অভিনেত্ৰীগৰাকীৰ ক'ভিড পৰীক্ষাত নিগেটিভ হিচাপে চিনাক্ত হৈছে। নোৰাই নিজেই কেইদিনমান আগতে ইনষ্টাগ্ৰামত তেওঁৰ অনুৰাগীসকলক এই তথ্য দিছিল।
Comments