গুৱাহাটী,১১ জানুৱাৰী:আবুধাবি গ্রাঁ প্রিত প্রতি বছৰে চলচ্চিত্র তাৰকা আৰু ক্রীড়াবিদসহ খ্যাতনামাসকলক লৈ চহৰখনৰ কেন্দ্রস্থলৰ পৰা প্রায় ৩০ মিনিট দূৰৈৰ ইয়াছ দ্বীপত আপ্যায়ন কৰিবলৈ আমন্ত্রণ জনোৱা হয়।
কিন্তু যোৱা মাহত আমন্ত্রিত এই গণ্য-মান্য ব্যক্তিসকলৰ তালিকাত নাম আছিল মেকডোনাল্ডৰ এজন প্রাক্তন কর্মচাৰীৰ। ভাবি অবাক হৈছে নেকি? এজন প্রাক্তন বার্গাৰ প্রস্তুতকাৰক আৰু ছফ্টৱেৰ ডেভেলপাৰে কেনেদৰে স্থান পালে এই তালিকাত? আচৰিত নহ’ব, প্রাক্তন এই বার্গাৰ প্রস্তুতকাৰকজনে নিশাৰ ভিতৰতে বিশ্বৰ সকলোতকৈ ধনী ব্যক্তিসকলৰ তালিকাত স্থান দখল কৰিছে। তাৰ বাবেই প্ৰখ্যাত ব্যক্তিসকলৰ তালিকাত তেওঁৰ নাম আহে।
ক্রিপ্টোকাৰেন্সিৰ বিশ্বত অন্যতম পথিকৃত হিচাবে পৰিগণিত এই মানুহজনৰ নাম চ্যাংপেং ঝাও৷ ক্রিপ্টোৰ জোৰতেই আজি তেওঁৰ এই ৰমৰমীয়া অৱস্থা। এই মূহুর্তত চ্যাংপেং ঝাওৰ মুঠ সম্পত্তিৰ পৰিমাণ ভাৰতৰ সকলোতকৈ ধনী ব্যক্তি মুকেশ আম্বানীতকৈও বেছি।
ক্রিপ্টো সন্দৰ্ভত চর্চা কৰা মানুহৰ বাবে চ্যাংপেং ঝাও পৰিচিত ‘ছিজেড’ নামেৰে। সংযুক্ত আৰব ৰাষ্ট্ৰতো গুৰুত্বপূর্ণ হৈ উঠিছে ছিজেড। আবু ধাবিত যিসকল ধনী ব্যক্তিয়ে বিনান্স এক্সচেঞ্জ দেশলৈ আনিবলৈ আগ্রহী, তেওঁলোকৰ বাবে পৰামর্শদাতাৰ কাম কৰে তেওঁ। তেওঁ ডুবাইত এটি বাসভৱন নিৰ্মাণ কৰিছে, যিটো বিশ্বৰ সকলোতকৈ উচ্চ বুৰ্জ খলিফাৰ কাষতে অৱস্থিত।
ব্লুমবার্গ বিলিয়নেয়াৰ্ছ ইনডেক্স অনুসৰি, তেওঁৰ মুঠ সম্পদ ৯৬ বিলিয়ন ডলাৰ, ভাৰতীয় মুদ্রাত যিটো প্রায় ৭২ হাজাৰ কোটি টকা।
Comments