Classifieds
View All
গুৱাহাটী, ১১ জানুৱাৰীঃ গহপুৰত এগৰাকী মহিলাক তেওঁৰ স্বামীয়ে পাৰিবাৰিক বিবাদৰ বাবে প্ৰহাৰ কৰি নৃশংসভাৱে হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে। স্থানীয় লোকে জneআৱা মতে, দম্পতীহালে অজ্ঞাত কাৰণত ইজনে সিজনৰ সৈতে সঘনাই কাজিয়া কৰি আহিছিল।
ইপিনে, সোমবাৰে নিশা তেওঁলোকৰ মাজত আন এক কাজিয়াৰ সূত্ৰপাত হয় কিন্তু পৰৱৰ্তী সময়ত ই অতি আক্ৰমণাত্মক হৈ পৰে বুলি স্থানীয় লোকে জানিবলৈ দিয়ে।
পিছত ক্ৰোধত স্বামীয়ে তেওঁৰ পত্নীক ষ্টীলৰ পাইপেৰে মৰিয়াই মৰিয়াই গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰে। প্ৰিয়া মহাতো নামৰ পত্নীগৰাকীক পৰৱৰ্তী সময়ত চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও তেওঁ মৃত্যুবৰণ কৰে।
ঘটনা সন্দৰ্ভত চুবুৰীয়াসকলে আৰক্ষীক অৱগত কৰে যদিও বৰ্তমান অভিযুক্ত স্বামী পলাতক অৱস্থাত আছে।
Comments