Classifieds
View All
গুৱাহাটী, ১১ জানুৱাৰীঃ বলীউড অভিনেতা ঋত্বিক ৰৌশনৰ প্ৰাক্তন পত্নী তথা আভ্যন্তৰীণ ডিজাইনাৰ চুচেন খান মঙলবাৰে ক'ভিডৰ নতুন প্ৰকাৰ অ'মিক্ৰনত আক্রান্ত হোৱাৰ খবৰ পোৱা গৈছে।
৪৩ বছৰীয়া চুচেন খানে ইনষ্টাগ্ৰামত গৈ তেওঁৰ অনুগামীসকলক জনাইছিল যে, "সোমবাৰে সন্ধিয়া মই ক'ভিড পৰীক্ষা কৰাত অ'মিক্ৰন প্ৰকাৰৰ সৈতে আক্রান্ত হৈছো।"
ইপিনে, চুচেনে জনসাধাৰণক অ'মিক্ৰন প্ৰকাৰৰ বিৰুদ্ধে সাৱধানতা অৱলম্বন কৰিবলৈ পৰামৰ্শ দি কৈছিল যে, "ই অত্যন্ত সংক্ৰামক। কিয়নো দুবছৰ ধৰি ক'ভিড আক্রান্ত হোৱাৰ পৰা সুৰক্ষিত হৈ থকাৰ পিছত অৱশেষত ২০২২ চনৰ তৃতীয় ঢৌত অতিকৈ সংক্ৰামক অ'মিক্ৰন প্ৰকাৰে মোৰ ৰোগ প্ৰতিৰোধ প্ৰণালীত অনুপ্ৰৱেশ কৰিছে। মই যোৱা নিশা পজিটিভ হিচাপে চিনাক্ত হৈছো। অনুগ্ৰহ কৰি সকলোৱে সুৰক্ষিত হৈ থাকক আৰু নিষ্ঠাৰে নিজৰ যত্ন লওক।"
Comments