গুৱাহাটী,১১ জানুৱাৰী:ঋণ নিদিয়াত বেঙ্ককে চূড়ান্ত শাস্তি দিলে এজন গ্রাহকে। নিশাৰ অন্ধকাৰত বেঙ্কলৈ গৈ জুই জ্বলাই দিয়ে তেওঁ। ঘটনাটি কর্নাটকৰ। উক্ত ঘটনাত হাভেৰি জিলাৰ কানাড়া বেঙ্কৰ এটি শাখাত প্রায় ১২ লক্ষ টকাৰ ক্ষয়-ক্ষতি হয়।
ঘটনাটো সংঘটিত হয় যোৱা শনিবাৰে। কর্নাটকৰ বেংকটোৰ এটি গ্রামীণ শাখাই ৩৩ বছৰীয়া এজন যুৱকৰ ঋণৰ আবেদন উভতাই দিয়ে। বেঙ্ক কর্তৃপক্ষই জনায় যে ঋণ পোৱাৰ অন্যতম প্রধান এটি চর্ত গ্ৰাহকজনে পূৰণ কৰিব পৰা নাই। ফলত ঋণ দিয়াটো সম্ভৱ নহয়। চর্তটোও স্পষ্টভাৱে জনাই দিয়ে যুৱকজনক। ঋণৰ আবেদন নাকচ হোৱাত বেঙ্কটোৰ কর্মচাৰীসকলৰ সৈতে যুৱকজনৰ কিবা তৰ্ক-বিতৰ্ক হৈছিল নেকি সেইটো অৱশ্যে জানিব পৰা হোৱা নাই। ইয়াৰ পিছত শনিবাৰে নিশা বেঙ্ক বন্ধ হোৱাৰ পিছত বেঙ্কৰ খিৰিকী ভাঙি ভিতৰত প্ৰৱেশ কৰি পেট্র’ল ঢালি জুই লগাই দিয়ে।
বেঙ্কটোৰ পৰা ধোঁৱা বাহিৰ হোৱা দেখি স্থানীয় লোকসকলে আৰক্ষীক খবৰ দিয়ে৷ কিন্তু তেতিয়ালৈকে বহুখিনি ক্ষয়-ক্ষতি হৈ গৈছে। পাঁচটা কম্পিউটাৰ, ফেন, পাছবুক প্রিন্টাৰ, টকা গণা মেচিন, কেছ কাউন্টাৰ আনকি বেঙ্কৰ নিৰাপত্তাৰ বাবে লগোৱা বহুকেইটা চিচি টিভি কেমেৰাও নষ্ট হৈ যায়। গুৰুত্বপূর্ণ নথিৰ লগতে প্রায় ১২ লক্ষ টকাৰ ক্ষয়-ক্ষতি হোৱা বুলি জনাইছে বেঙ্ক কৰ্তৃপক্ষই।আৰক্ষীয়ে পিছত যুৱকজনক গ্রেপ্তাৰ কৰে। যুৱকজনৰ নাম ৱাচিম হজৰত ছাব মোল্লা। তেওঁৰ বিৰুদ্ধে একাধিক ধাৰাত গোচৰ ৰুজু কৰা হৈছে।
Comments