Classifieds
View All
গুৱাহাটী, ১২ জানুৱাৰীঃ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ (আই পি এল) অধ্যক্ষ ব্ৰিজেশ পেটেলে মঙলবাৰে ঘোষণা কৰে যে, "টাটাই প্ৰতিযোগিতাখনৰ আগন্তুক সংস্কৰণৰ বাবে ভিভোৰ সলনি মূল পৃষ্ঠপোষক হিচাপে স্থান ল'ব।"
লক্ষণীয়ভাৱে, ভিভোৰ পৃষ্ঠপোষকতা চুক্তিত এতিয়াও দুবছৰ বাকী আছে যদিও সেই সময়ছোৱাত, টাটা মুখ্য পৃষ্ঠপোষক হিচাপে থাকিব।
ইফালে, আই পি এলৰ দুটা নতুন দল, লক্ষ্ণৌ ফ্ৰেঞ্চাইজিৰ বাবে সঞ্জীৱ গোয়েঙ্কাৰ আৰ পি এছ জি গোট আৰু চি ভি চি কেপিটেলৰ আহমেদাবাদ দলে মঙলবাৰে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডৰ (বিচিচিআই) পৰা আনুষ্ঠানিক অনুমোদন লাভ কৰে।বৃহৎ নিলাম প্ৰক্ৰিয়াত পূৰ্বতে দুয়োটা ফ্ৰেঞ্চাইজি দলক খেলুৱৈৰ স্বাক্ষৰৰ বাবে সময়সীমা দিয়া হৈছিল।
Comments