বৰপেটা,১৮ জানুৱাৰী : ২৬ জানুৱাৰীৰ পূৰ্বে বৰপেটাৰ বিভিন্ন অঞ্চলত ড্ৰোণ উৰোৱাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিলে বৰপেটাৰ জিলা উপায়ুক্ত তেজপ্ৰসাদ ভূচালে ৷ জিলাখনৰ উপায়ুক্ত তেজপ্ৰসাদ ভূচালে এক নিৰ্দেশনাযোগে জিলাখনৰ বৰপেটা, বৰপেটা ৰোড আৰু সৰভোগৰ নিৰ্দিষ্ট অঞ্চলক No Drone Flying Zone ঘোষণা কৰে ৷
উগ্ৰপন্থী অথবা কোনো অসামাজিক গোটৰ দ্বাৰা বৰপেটা জিলাত সামাজিক শান্তি ভংগ অথবা কূটাঘাটৰ আশংকাতে এনেদৰে বৰপেটা জিলাৰ বিশেষ কিছুমান অঞ্চলত সোমবাৰৰ পৰা কাৰ্যকৰী হোৱাকৈ 'No Drone Flying Zone' ঘোষণা কৰিছে জিলা উপায়ুক্তই ৷ বিশেষকৈ বৰপেটা থানাৰ অধীনত থকা CRPF ৰ দশম বেটেলিয়ন কেম্পৰ ওচৰে পাজৰে ড্ৰোণ উৰুওৱাত নিষেধাজ্ঞা জাৰি কৰিছে উপায়ুক্তগৰাকীয়ে ৷২৬ জানুৱাৰীৰ পূৰ্বে বৰপেটাৰ বিভিন্ন অঞ্চলত ড্ৰোণ উৰোৱাত নিষেধাজ্ঞাএকেদৰে সৰভোগ থানাৰ দশম বেটেলিয়ন কেম্পৰ ওচৰ-পাজৰৰ অঞ্চলকো 'No Drone Flying Zone' ঘোষণা কৰা হৈছে ৷ লগতে বৰপেটা ৰোড থানাৰ অধীনস্থ বৰপেটা ৰোড পাট বজাৰ অঞ্চলৰ দশম বেটেলিয়ন কেম্পৰ চাৰিওদিশৰ অঞ্চলটোকো 'No Drone Flying Zone' ঘোষণা কৰিছে জিলা উপায়ুক্ত তেজপ্ৰসাদ ভূচালে ৷
আগন্তুক গণৰাজ্য দিৱসৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি এই কথা নিৰ্দেশনা জাৰি কৰিছে জিলা উপায়ুক্তগৰাকীয়ে ৷ বৰপেটাৰ আৰক্ষী অধীক্ষকৰ পৰা লাভ কৰা পত্ৰৰ পিচতেই এই নিৰ্দেশনা জাৰি কৰে উপায়ুক্তগৰাকীয়ে ৷
Comments