গুৱাহাটী,১৭ জানুৱাৰী:সোমবাৰে সাংবাদিকৰ আগত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিধায়ক অমিয় ভূঞা আৰু এজন আৰক্ষী বিষয়াৰ মাজত ভাইৰেল হৈ পৰা ফোন ৰেকৰ্ডিং সন্দৰ্ভত কয়-"চৰকাৰী বিষয়াই ফোন ৰেকৰ্ডিং কৰিছে আৰু সাংবাদিকক দি দিছে এইয়া ঠিক ব্যৱস্থা নহয়। তেনেকুৱা হ’লে ময়ো কাকো ফোন কৰিব নোৱাৰিম, কোনেও কাকোঁ ফোন কৰিব নোৱাৰিব।
ইয়াৰোপৰি তেওঁ কয়, মই ভাবোঁ যে ফোন ৰেকৰ্ডিংৰ অশুভ পৰম্পৰাটো আৰম্ভ হ’ব নালাগে।জনপ্ৰতিনিধি এজনে ফোন কৰিলে ফোন ৰেকৰ্ডিং কৰিব নাপায়। ফোন ৰেকৰ্ডিং কৰাটো অনৈতিক কাম।আনহাতে বিধায়ক অমিয় ভূঞাই যিবোৰ কথা কৈছে বা তেওঁৰ নামত আমি যিবোৰ কথা শুনিছো এইখিনি আমাৰ দলে বিবেচনাৰ ভিতৰত লৈছে। আৰু আমাৰ দলে অমিয় ভূঞাক যি পৰামৰ্শ দিব লাগে বা জনপ্ৰিতিনিধিৰ দায়িত্ব আৰু মানদণ্ডৰ বিষয়ত যিখিনি ক’ব লাগে সেইখিনি দলৰ ফালৰ পৰা নিশ্চয় কোৱা হ’ব।'
তেওঁ লগতে কয়, চৰকাৰী বিষয়াসকলক মই অনুৰোধ কৰিম মন্ত্ৰী, বিধায়কে ফোন কৰিলে আপোনালোকে শুনিব। কাৰণ তেওঁলোকক জনসাধাৰণে ভোট দি পঠিয়াই। কিন্তু তেওঁলোকে কৰিব কোৱা বেয়া কামখিনি নকৰিব। কামখিনি নিজৰ মান-মৰ্যাদা আৰু চৰকাৰী নিয়মৰ মাজত থাকি কৰিব। জনপ্ৰতিনিধি এজনে ফোন কৰিলে তেওঁলোকৰ লগত অলপ ভালকৈ কথা পতা বা অকনমান ব্যক্তিগতভাৱে কথা পাতিব লাগে।
আনহাতে এই প্ৰসংগত দৃষ্টি দিবলৈ জিলা উপায়ুক্তকো মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিছে বুলি উল্লেখ কৰি কয় যে, ফোন ৰেকৰ্ডিং কৰাটো ভাৰতীয় সংবিধানৰ বিৰোধী। কিবা ঘটনা পোহৰলৈ আহিলেও, নাহিলেও সংবিধান আৰু আইনে ফোন ৰেকৰ্ডিং কৰিবলৈ অনুমতি নিদিয়ে।
উল্লেখ্য যে শেহতীয়াকৈ বিহপুৰিয়াৰ বিধায়ক অমিয় ভূঞাৰ দুটাকৈ ফোন ৰেকৰ্ডিং ভাইৰেল হৈ পৰিছে। এটা ফোন ৰেকৰ্ডিংত এগৰাকী পুৰুষ আৰক্ষী বিষয়াক ভাবুকি প্ৰদান কৰিছে বিধায়ক ভূঞাই আৰু আনটো ৰেকৰ্ডিংত এগৰাকী মহিলা আৰক্ষী বিষয়াক অনৈতিক ভাৱে নিৰ্দেশনা প্ৰদান কৰাত কটু মন্তব্য কৰিছিল।
Comments