গুৱাহাটী,১৭ জানুৱাৰী:ফেব্রুৱাৰীৰ শেষৰ পৰাই ১২-১৪ বছৰ বয়সীয়াসকলক টীকা প্ৰদান আৰম্ভ কৰিব কেন্দ্রই। সোমবাৰে এক সাংবাদ মাধ্যমত দিয়া সাক্ষাৎকাৰত এই কথা জনাইছে ক'ভিড টীকাকৰণ সংক্রান্তীয় ৰাষ্ট্ৰীয় উপদেষ্টা গ্ৰুপৰ অধ্যক্ষ এন কে অৰোৰাই।
জানুৱাৰী মাহৰ ভিতৰতে ১৫-১৮ বছৰীয়াসকলৰ প্রথম টীকাকৰণ শেষ কৰাৰো লক্ষ্য লৈছে কেন্দ্রই। ফেব্রুৱাৰীৰ প্রথম সপ্তাহৰ পৰা তেওঁলোকৰ দ্বিতীয় পালি টীকা দিয়া আৰম্ভ হ’ব। অৰোৰাই জনোৱা মতে, এই কাৰ্যসূচীত আৰম্ভণিতে যথেষ্ট সঁহাৰি লাভ কৰা হৈছে। প্রথমদিনাই ৪২ লাখৰো অধিক কিশোৰ-কিশোৰীক টীকা প্ৰদান কৰা সম্ভৱ হৈছে।
আনহাতে, কেন্দ্ৰীয় স্বাস্থ্যমন্ত্রীয়ে জনোৱা মতে, এই পর্যন্ত দেশৰ ৭০ শতাংশ পূর্ণবয়স্ক লোকে টীকা লৈছে। মার্চৰ ১ তাৰিখৰ পৰা দ্বিতীয় পৰ্যায়ৰ টীকাকৰণ কাৰ্যসূচী আৰম্ভ হ’ব। উক্ত দিনৰ পৰাই সম্ভৱত ১২-১৪ বছৰ বয়সীয়াসকলৰ টীকাকৰণ আৰম্ভ হ’ব বুলি অনুমান কৰা হৈছে।
Comments