গুৱাহাটী, ১৮ জানুৱাৰীঃ এগৰাকী ঋণগ্ৰস্ত মাতৃয়ে ধন উপাৰ্জনৰ এনে এক উপায় অৱলম্বন কৰিছে যে তেওঁ ঋণৰ পৰা মুক্ত হোৱাৰ লগতে বৰ্তমানে মাহত ১০ লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। এলিছ লাভগুড নামৰ এগৰাকী মহিলাই নিজৰ মাতৃদুগ্ধৰ ভিডিঅ' বিক্ৰী কৰি অনলাইনযোগে ধন উপাৰ্জন কৰিছে। এই বুদ্ধিমান মাতৃগৰাকীয়ে কিঙ্কি উদ্যোগৰ জৰিয়তে ঋণৰ পৰা মুক্ত হোৱাৰ লগতে ধন উপাৰ্জনৰ এক নতুন উপায় বিচাৰি পাইছে।
বিশেষ সূত্ৰৰ পৰা পোৱা জানিব পৰা অনুসৰি, তিনিটা সন্তানৰ মাতৃ এলিছে অনলাইনত তেওঁৰ মাতৃদুগ্ধৰ ভিডিঅ' বিক্ৰী কৰি নিজৰ ঋণ পৰিশোধ কৰিবলৈ ধন উলিয়াইছিল। তিনিটা সন্তানৰ মাতৃ এলিছ লাভগুডে ছ'চিয়েল মিডিয়াত তেওঁৰ মাতৃদুগ্ধ আহৰণৰ বিভিন্ন পদ্ধতিৰ ভিডিঅ' আপলোড কৰিছিল, য'ৰ পৰা তেওঁ প্ৰতি মাহে ১০ হাজাৰ পাউণ্ড অৰ্থাৎ প্ৰায় ১০ লাখ টকা উপাৰ্জন কৰিবলৈ আৰম্ভ কৰিছিল। এই ভিডিঅ'বোৰ দেখি এজন ২৭ বছৰীয়া যুৱকে এলিছক লাইভ ভিডিঅ'ৰ বাবে ১ কোটি টকা আগবঢ়াইছিল।
মহিলাগৰাকীয়ে এই সন্দৰ্ভত কৈছিল যে, "এই কামটো কৰাৰ আগতে মোৰ জীৱনটো সম্পূৰ্ণ বেলেগ আছিল। মোৰ ১৫ লাখ টকাৰ ঋণ আছিল। এই ঋণ পৰিশোধ কৰিবলৈ মই নিৰন্তৰ এই কাম কৰিব লগা হৈছিল আৰু কোনো সপ্তাহৰ অন্ত নাছিল। মই পৰিয়ালৰ সৈতে ক'লৈও যাব নোৱাৰিলো। যোৱা বছৰ মই এই ধাৰণাটোৰ ওপৰত কাম কৰিছিলো আৰু এতিয়া মই ঋণমুক্ত।"
এলিছে লগতে কৈছিল যে, "বহুলোকে মোৰ এই ধৰণৰ কাম বেয়া দৃষ্টি ভংগীৰে চাইছিল কিন্তু এইটো এটা প্ৰাকৃতিক কাম। মই এই বিষয়ে কাৰো প্ৰতি ভ্ৰূক্ষেপ কৰা নাছিলো আৰু এতিয়া মই এই কামটো সন্মানৰ সৈতে কৰি আছো। এতিয়া মোৰ ল'ৰা ছোৱালীয়ে এখন ভাল বিদ্যালয়ত পঢ়ে।"
Comments