গুৱাহাটী, ১৮ জানুৱাৰীঃবিশ্বত এতিয়া অমিক্ৰনৰ ভয়।কৰ'নাৰ অধিক সংখ্যক ৰোগী অমিক্ৰন ভেৰিয়েণ্টত সংক্ৰমিত।বহু কেইগৰাকী চিকিৎসক তথা বৈজ্ঞানিকে ইতিমধ্যে অমিক্ৰনৰ লক্ষণৰ কাৰণ জনাইছে যদিও তাৰে মাজতো বহু খেলিমেলি আছে।প্ৰতিজন ৰোগীৰ লক্ষণ বেলেগ বেলেগ দেখা গৈছে।
অমিক্ৰন ভাইৰাছ যিমান তীব্ৰতাৰে সংক্ৰমণ হয়, সিমান তীব্ৰতাৰে মানৱ শৰীৰৰ পৰা গুচি যায়।অমিক্ৰণৰ লক্ষণো ২ ৰ পৰা ৫ দিনৰ ভিতৰত দেখা যায়।যেতিয়ালৈকে এই ভাইৰাছ ধৰা পৰে তেতিয়ালৈকে অমিক্ৰনৰ শক্তি মানৱ শৰীৰত হ্ৰাস হবলৈ ধৰে।ক'ভিড ষ্টাডীত অমিক্ৰনৰ সকলো ২০টা লক্ষণৰ বিষয়ে সদৰি কৰা হৈছে।অমিক্ৰনৰ অধিকসংখ্যক ৰোগীৰ ইয়াৰ ভিতৰত অধিকাংশ লক্ষণ দেখা গৈছে।
জানক অমিক্ৰনৰ ২০টা লক্ষণ-----
▶ মূৰৰ বিষ
▶ পানী লগা
▶ ভাগৰুৱা
▶ হাঁচি অহা
▶ ডিঙিৰ খৰখৰনি
▶ কাহ
▶ মাত ভঙা (কণ্ঠস্বৰ সলনি হোৱা)
▶ ঠাণ্ডা লগা বা কপনি উঠা
▶ জ্বৰ উঠা
▶ মূৰ ঘুৰণি
▶ স্মৃতি শক্তিত বিজুতি ( ব্ৰেন ফগ)
▶ গোন্ধ নোপোৱা (সুগন্ধ সলনি হোৱা)
▶ চকুৰ বিষ
▶ মাংশ পেশীৰ বিষ
▶ ভোক নলগা
▶ অদ্ভুত গোন্ধ অনবৰতে নাকত লাগি থকা ( গোন্ধ নোপোৱা)
▶ বুকুৰ বিষ
▶ গাঁঠিৰ বিষ (গ্ৰন্থি ফুলি যোৱা)
▶ দুৰ্বলতা
▶ ছালৰ সংক্ৰমণ
Comments