Classifieds
View All
গুৱাহাটী, ১৮ জানুৱাৰীঃপ্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অনুষ্ঠানত অথন্তৰ।সোমবাৰে ৱল্ড ইক’নমিক ফৰামৰ এখন ভাৰ্চুৱেল বৈঠকত অংশ লোৱা অৱস্থাতে সংঘটিত হ’ল এই ঘটনা।ভাষণৰ মাজতে অসহায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।অনুষ্ঠানত নৰেন্দ্ৰ মোডীয়ে আৰম্ভ কৰিছিল ভাষণ।
কেইমিনিটমান ভাষণ দিয়াৰ পাছতে প্ৰধানমন্ত্ৰীৰ ভাষণত লাগিল খোকোজা। কেইচেকেণ্ড মানৰ বাবে ৰৈ দিব লগীয়া পৰিস্থিতিৰ লগতে অসহায় হৈ পৰিল প্ৰধানমন্ত্ৰীগৰাকী।প্ৰধানমন্ত্ৰীয়ে যি টেলিপ্ৰম’টাৰ চাই উক্ত ভাষণ প্ৰদান কৰি আছিল উক্ত মেচিনটো যান্ত্ৰিক বিজুতিৰ বাবে হঠাতে বন্ধ হৈ পৰিছিল।
মেচিনটো বন্ধ হৈ পৰাৰ বাবেই ভাষণত খোকোজা লাগে প্ৰধানমন্ত্ৰীগৰাকীৰ।উল্লেখ্য যে, প্ৰধানমন্ত্ৰীৰ সৈতে সংঘটিত হোৱা এই ঘটনাৰ পাছতে সামাজিক মাধ্যমত ব্যাপক চৰ্চা হৈ পৰিছে মোডীৰ ভাষণ।
Comments