গুৱাহাটী,১৮ জানুৱাৰী:অভিনেতা আয়ুষ্মান খুৰানা আৰু অভিনেত্ৰী বাণী কাপুৰ অভিনীত “চণ্ডীগড় কাৰে আশিকী” য়ে শেহতীয়াকৈ অনুষ্ঠিত “দাদা চাহেব ফাল্কে আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ বঁটা ২০২২” ত এক সন্মানীয় বঁটা লাভ কৰিবলৈ সক্ষম হয়। প্ৰযোজক প্ৰজ্ঞা কাপুৰক মুম্বাইৰ মেয়ৰ শ্ৰীমতী কিশোৰী পেডনেকাৰে এটা বঁটাৰে সন্মানিত কৰে।
বঁটা সন্দৰ্ভত বক্তব্য ৰাখি প্ৰযোজক প্ৰজ্ঞা কাপুৰে কয় যে, “চণ্ডীগড় কাৰে আশিকী” ৰ বাবে দাদা চাহেব ফাল্কে আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ বঁটা লাভ কৰি আনন্দিত হৈছোঁ। আমাৰ পৰিৱেশৰ বিষয়ে সজাগ হোৱাটো আমাৰ বাবে গুৰুত্বপূৰ্ণ, কিয়নো ই আমাৰ দৈনন্দিন জীৱনৰ সৈতে সম্পৰ্কিত আৰু মই এই বাৰ্তাটো এই ছবিখনৰ জৰিয়তে প্ৰেৰণ কৰিব বিচাৰিছিলোঁ। মই সুখী যে এই বাৰ্তাটো ৰাইজে শুনিছে আৰু এই বঁটাটো এই সত্যৰ প্ৰমাণ।”
আয়ুষ্মান খুৰানা আৰু বাণী কাপুৰ অভিনীত উক্ত ছবিখন ডিচেম্বৰত বিগ স্ক্ৰীনত মুক্তি লাভ কৰাৰ লগতে জনপ্ৰিয় হৈছিল আৰু ছবিখন দৰ্শক আৰু সমালোচকসকলে ভাল পাইছিল। ছবিখন “গাই ইন দ্য স্কাই পিকচাৰ্ছ এণ্ড টি-চিৰিজ” ৰ দ্বাৰা প্ৰযোজনা কৰা হৈছে।
Comments