গুৱাহাটী,১৮ জানুৱাৰী:তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টালিনে ৰাজধানী দিল্লীত গণতন্ত্ৰ দিৱস উপলক্ষে আয়োজন কৰা শোভাযাত্ৰাৰ পৰা ৰাজ্যখনৰ টেবলু বাদ দিয়াৰ কাৰণ জনোৱাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ পত্ৰ প্ৰেৰণ কৰিছে। তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টালিনে সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ লিখা চিঠিত এই কাৰ্য্যৰ বাবে গভীৰ দুখ প্ৰকাশ কৰিছে।
পত্ৰখনত ষ্টেলিনে কয় যে প্ৰতিৰক্ষা মন্ত্ৰণালয়ে গণতন্ত্ৰ দিৱসৰ কুচকাৱাজৰ বাবে টেবলুৰ বিষয়টো '৭৫ তম স্বাধীনতা সংগ্ৰামৰ ভাৰত' বুলি প্ৰস্তাৱ দিছিল। আনহাতে ইয়াৰ লগত সংযুক্ত হৈ আছিল আন এটা বিষয় ৭৫ টা দৰ্শন, ৭৫ টা সাফল্য, ৭৫ টা কাৰ্য আৰু ৭৫ টা সংকল্প'। তামিলনাডুৱে 'স্বাধীনতা সংগ্ৰামত তামিলনাডু' বিষয় হিচাপে বাছনি কৰি কেইবাটাও স্কেচ উপস্থাপন কৰিছিল য'ত ভিঅ' ছিন্দম্বৰনাৰ, সুব্ৰমনিয়াম ভাৰতী, ৰাণী ভেলুৰ দৰে ৰাজ্যখনৰ বিখ্যাত স্বাধীনতা সংগ্ৰামীসকলক দেখুওৱা হৈছিল।
ইয়াৰ পূৰ্বে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে এখন পত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ২৬ জানুৱাৰীত গণতন্ত্ৰ দিৱসৰ কুচকাৱাজৰ বাবে ৰাজ্যখনৰ প্ৰস্তাৱিত টেবলু বাদ দিয়াৰ কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনাইছিল।
Comments