গুৱাহাটী,১৮ জানুৱাৰী: শিল্পী দিৱস উপলক্ষে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা অসম আৰ্হি ৮ নং ছাত্ৰাবাসৰ তৰফৰ পৰা ' জ্যোতিপ্ৰসাদৰ জীৱন আৰু সৃষ্টি' শীৰ্ষক বিষয়টিৰ লগত সংগতি ৰাখি এখনি ৰাজ্যিক পৰ্যায়ৰ অনলাইন আলোচনা চক্ৰ আয়োজন কৰা হয় । জ্যোতিপ্ৰসাদৰ আদৰ্শ জনমানসত প্ৰচাৰ কৰাৰ উদ্দেশ্যে অয়োজিত কৰা উক্ত অনুষ্ঠানটিৰ উদ্বোধন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক ডক্টৰ ৰঞ্জন কুমাৰ কাকতিয়ে। ইয়াৰোপৰি নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক তৰণী ডেকা।
আলোচনা চক্ৰটি উদ্বোধন কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক ড° ৰঞ্জন কুমাৰ কাকতিয়ে জ্যোতিপ্ৰসাদৰ সৃষ্টি ৰাজিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ নৱ প্ৰজন্মক আহ্বান জনাই।জ্যোতিপ্ৰসাদে চিনেমা জগতৰ লগত জৰিত হৈ কিদৰে প্ৰথম খন অসমীয়া বোলছবি 'জয়মতী' নিৰ্মাণ কৰি উলিয়াই তাৰ ওপৰতো আলোচনা কৰে।
অসমীয়া বিভাগৰ অধ্যাপক তৰণী ডেকাই ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই অসমীয়া ভাষা, সাহিত্য, সংস্কৃতিৰ জগতলৈ কেনেধৰণৰ অৱদান আগবঢ়াই থৈ গৈছে সেই বিষয়ে বিস্তৃত ভাৱে আলোচনা কৰে। বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ ওপৰিও অসমৰ বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ৰ অধ্যাপক অধ্যাপিকা সকলৰ লগতে প্ৰায় দেৰ শতাধিক ছাত্ৰ ছাত্ৰী এই অনুষ্ঠানটোত উপস্থিত থাকে । উল্লেখযোগ্য যে অনুষ্ঠানটোত অংশগ্ৰহণ কৰা প্ৰতিজন শুভাকাংশিক একো একোখন অনলাইন ই- প্ৰমাণ পত্ৰ দিয়াৰো ব্যৱস্থা কৰা হয় ।
Comments