গুৱাহাটী, ১৮ জানুৱাৰীঃ বিখ্যাত টিভি ধাৰাবাহিক 'মহাভাৰত'ত কৃষ্ণৰ চৰিত্ৰত অভিনয় কৰা নীতিশ ভৰদ্বাজ পত্নী স্মিতাৰ পৰা পৃথক হৈছে। বিবাহৰ ১২ বছৰৰ পিছত দুয়ো পৃথক হৈছে। নীতিশ ভৰদ্বাজে নিজেই এই তথ্য প্ৰদান কৰিছে। বৰ্তমান সময়ত স্মিতাই তেওঁৰ দুই জীয়ৰীৰ সৈতে ইন্দোৰত বাস কৰি আছে।
এক বিশেষ সাক্ষাৎকাৰত জনপ্রিয় অভিনেতা নীতিশ ভৰদ্বাজে পত্নী স্মিতাৰ পৰা পৃথক হোৱা বিষয় সন্দৰ্ভত কয়, "হয়, মই ছেপ্টেম্বৰ, ২০১৯ মুম্বাইৰ পাৰিবাৰিক আদালতত বিবাহ বিচ্ছেদৰ বাবে আবেদন কৰিছিলোঁ। আমাৰ বিচ্ছেদৰ কাৰণ কি সেই বিষয়ে মই গভীৰতালৈ যাব নিবিচাৰো? কিয়নো বৰ্তমানেও বিষয়টো আদালতত আছে। মই কেৱল এয়াই ক'ব পাৰোঁ যে কেতিয়াবা বিবাহ বিচ্ছেদ মৃত্যুতকৈ বেছি বেদনাদায়ক হ'ব পাৰে। বিশেষকৈ যেতিয়া আপুনি অকলে বাস কৰে।"
নীতিশ ভৰদ্বাজে লগতে কৈছে যে, "বিবাহৰ দৰে অনুষ্ঠানৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে, কিন্তু মই তেনেকুৱা ভাগ্যৱান নহয়। বিবাহিত দম্পতিৰ বিবাহ বিচ্ছেদ হোৱাৰ বহুতো কাৰণ থাকিব পাৰে। কেতিয়াবা এইটো জেদী মনোভাৱ বা সহানুভূতিৰ অভাৱৰ বাবে হয় বা কেতিয়াবা অহংকাৰৰ বাবেও হ'ব পাৰে আৰু সদায় নিজৰ বিষয়ে চিন্তা কৰিব পাৰে। কিন্তু যেতিয়া পৰিয়ালটো ভাঙি যায়, তেতিয়া সন্তানে আটাইতকৈ বেছি ভুগিবলগীয়া হয়। এনে পৰিস্থিতিত, শিশুৰ ওপৰত বিবাহ বিচ্ছেদৰ প্ৰভাৱ কম পৰা নিশ্চিত কৰাটো পিতৃ-মাতৃৰ দায়িত্ব।"
ইপিনে উক্ত সাক্ষাৎকাৰৰ সময়ত, নীতিশ ভৰদ্বাজক সোধা হৈছে যে, "আপুনি আপোনাৰ ছোৱালীৰ সৈতে কথা পাতিব নেকি?" ইয়াৰ উত্তৰত অভিনেতা গৰাকীয়ে কয়, "মই মোৰ সন্তানক লগ পাব পাৰিম নে নাই সেই বিষয়ে মই একো ক'ব নিবিচাৰো। মই স্মিতাৰ সৈতে কেইবাবাৰো যোগাযোগ কৰিবলৈ চেষ্টা কৰিছো, কিন্তু তেওঁ মোৰ বাৰ্তাবোৰৰ কোনোধৰণৰ সঁহাৰি দিয়া নাই।"
Comments