তিনিচুকীয়া: ১৮ জানুৱাৰী: কোভিড ১৯ৰ বৰ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি তিনিচুকীয়া জিলাৰ উপায়ুক্ত নৰসিং পৱাৰে তিনিচুকীয়া নগৰৰ বিভিন্ন এলেকা পৰিদৰ্শন কৰে আৰু ৰাইজক কোভিড ১৯ৰ সংক্ৰমন প্ৰতিৰোধৰ বাবে প্ৰয়োজনীয় নীতি নিৰ্দেশনাসমূহ মানি চলিবলৈ আহ্বান জনায়।
পৰিদৰ্শনকালত উপায়ুক্তগৰাকীৰ সৈতে অতিৰিক্ত উপায়ুক্ত মনজিৎ বৰকাকতী, তিনিচুকীয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়া চিন্ময় পাঠক প্ৰমুখ্যে তিনিচুকীয়া সদৰ আৰক্ষী থানাৰ বিষয়াই সংগ দিয়ে ।উপায়ুক্তগৰাকীয়ে জিলাখনত কোভিড ১৯ৰ বৰ্ধিত সংক্ৰমণ ৰোধ কৰিবলৈ ৰাইজক ৰাজহুৱা স্থানত মুখত মাস্ক পৰিধান কৰিবলৈ, সামাজিক দুৰত্ব মানি চলিবলৈ, সঘনাই হাত ধুবলৈ তথা চেনিটাইজাৰ ব্যৱহাৰ কৰিবলৈ লগতে কোভিড ১৯ৰ দুয়োপালি প্ৰতিষেধক গ্ৰহণ কৰিবলৈ আহ্বান জনায়।
প্ৰতিটো ব্যৱসায়িক প্ৰতিষ্ঠানকে কোভিড ১৯ৰ নীতি নিৰ্দেশনাসমূহ কঠোৰভাবে মানি চলিবলৈ জিলা উপায়ুক্ত নৰসিং পৱাৰে পৰিদৰ্শনকালত নিৰ্দেশ দিয়ে।
Comments