গুৱাহাটী, ১৮ জানুৱাৰীঃপুনৰ অসমত অনা অসমীয়াৰ দাদাগিৰী।অসমীয়া যুৱক যুৱতীৰ ওপৰত এইবাৰ দাদাগিৰী কলকাতাৰ নিতিন বিহানীৰ৷মাঘৰ বিহুত ছুটী লোৱাৰ বাবে ৬ অসমীয়া যুৱক-যুৱতীক কামৰ পৰা বৰ্খাস্ত।বিহুত ছুটী লৈ ভোগালী বিহু উদযাপন কৰিবলৈ গৈ চাকৰিৰ পৰা খেদা খালে ৬ অসমীয়া যুৱক-যুৱতীয়ে৷নগাঁৱৰ কৃষ্ণা চিনেমা হলত ঘটিছে এই ঘটনা৷
চাকৰিৰ পৰা খেদা যুৱক যুৱতী কেইজনক কৰ্মস্থলীলৈ আহোতে নিৰাপত্তাৰক্ষী লগাই অপদস্থ কৰাৰ দৰে ঘটনাও ঘটিছে৷কৰ্তব্যৰত ৬ কৰ্মচাৰীৰ নাম হৈছে নিলোৎপল নাথ,অৰূপ বৰা,উৎপল নাথ,ৰীনা মজুমদাৰ,হৰজিনদৰ কৌৰ,পুজন মহন৷ঘটনা সন্দৰ্ভত জানিব পৰা মতে,নগাঁৱৰ কৃষ্ণা চিনেমা হলৰ মালিক কলকাতাৰ নিতিন বিহানী৷
মাঘ বিহুৰ উৰুকাৰ দিনা কৃষ্ণা হলত কৰ্তব্যৰত ৬ কৰ্মচাৰীয়ে বিয়লি বিহুৰ বাবে ছুটী বিচাৰি কলকতালৈ ই-মেইল কৰিছিল৷কিন্তু হলটোৰ মালিক নিতিন বিহানীয়ে বিহুত ছুটী লোৱাৰ বাবে এই অসমীয়া যুৱক-যুৱতীসকলক চাকৰিৰ পৰা বৰ্খাস্ত কৰে৷
Comments