দুলীয়াজান, ১৮ জানুৱাৰীঃ দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আজি ৪২ সংখ্যক ‘শ্বহীদ দিবস' উপলক্ষে চাৰিগৰাকী শ্বহীদক স্মৰণ কৰে শ্বহীদৰ পৰিয়ালবৰ্গ তথা ৰাইজে। উল্লেখযোগ্য যে, ১৯৮০ চনৰ আজিৰ দিনটোতেই অসমৰ বিদেশী বহিষ্কৰণ আন্দোলনৰ অংশবিশেষ দুলীয়াজানত তেল অৱৰোধ কাৰ্যসূচীত অংশগ্ৰহণ কৰি ক্ৰমে নগেন ডেকা, অজিত নেওগ, কুমুদ গগৈ আৰু নৃপেন বড়াই তদানীন্তন চৰকাৰৰ আসুৰিক অত্যাচাৰৰ বলি হৈ অকাল মৃত্যুক সাৱটি লৈছিল ।
সেইসকল পুণ্যাত্মাক সুঁৱৰি দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাই নিৰৱিচ্ছিন্ন ভাৱে তেখেতসকলৰ নিধনস্থল অইল ইণ্ডিয়াৰ মুখ্য প্ৰৱেশদ্বাৰ, কেন্দ্ৰীয় শ্বহীদ বেদী প্রাঙ্গণত শ্বহীদ দিৱস উদযাপন কৰি আহিছে। কাৰ্যসূচী অনুসৰি পুৱা আছুৰ পতাকা উত্তোলন কৰে দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি বুবুল তালুকদাৰে। ইয়াৰ পিছতে দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক দীপাংকৰ গগৈয়ে আঁত ধৰা শ্বহীদ তৰ্পণ অনুষ্ঠানত শ্বহীদৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে শ্বহীদ পৰিয়ালৰ হৈ কুমুদ গগৈৰ ভাতৃ শৰৎ গগৈ আৰু অজিত নেওগৰ ভতিজা সঞ্জীৱ নেওগে।
ইয়াৰ পিছতে মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰে দুলীয়াজান মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ ড০ লিখন চন্দ্ৰ বৰাই। অনুষ্ঠানত উপস্থিত থাকি শ্বহীদৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে ক্ৰমে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য সাংগঠনিক সম্পাদক অভিবৰ্তন গোস্বামী, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক অনিল গগৈ, ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সভাপতি বুলবুল দত্ত, সাধাৰণ সম্পাদক অৱণী কুমাৰ গগৈ, উপ-সভাপতি ৰূপম কোঁৱৰ, সহকাৰী সম্পাদক আব্দুল ছাত্তাৰ, শিক্ষা সম্পাদক মানসজ্যোতি চাংমাই, সাংস্কৃতিক সম্পাদক কনক গগৈ, কাৰ্যনিৰ্বাহক প্ৰদীপ গগৈ আদিৰ লগতে শিক্ষাবিদ সুৰেন্দ্ৰ নাথ গগৈ, জ্যোতিপ্ৰসাদ চেতীয়া, মৃণালী ভূঞা বৰদলৈ, পোনাৰাম বৰগোহাঁই, অজিত বড়া, প্ৰাক্তন ছাত্ৰ নেতা আদিত্য গোস্বামী, প্ৰবীণ দিহিঙ্গীয়া, চন্দ্ৰ শইকীয়া, হীৰেন গগৈ, অসম গেছ কোম্পানীৰ বিষয়া হৰেণ মহন্ত, অসম আন্দোলনৰ নিৰ্যাতিত ব্যক্তি পদ্মধৰ নেওগ, সন্মিলিত সাংবাদিক মঞ্চ দুলীয়াজানৰ সাধাৰণ সম্পাদক প্ৰাঞ্জল শইকীয়া, দুলীয়াজান প্ৰেছ ক্লাবৰ সভাপতি ব্ৰজেন গগৈ আদিৰ লগতে গণ্য মান্য ব্যক্তি সকলে।
অনুষ্ঠানত শ্বহীদক স্মৰণ কৰি ভাষণ প্ৰদান কৰে দুলীয়াজান মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ সুৰেন্দ্ৰ নাথ গগৈ, সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য সাংগঠনিক সম্পাদক অভিবৰ্তন গোস্বামী, ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অৱণী কুমাৰ গগৈয়ে। আনহাতে শ্বহীদ দিৱস উপলক্ষে আনন্দ কুৰ্মী আৰু বিপ্লৱ কলিতাৰ সম্পাদনাত প্ৰকাশ কৰি উলিওৱা স্মৃতিগ্ৰন্থ উন্মোচন কৰে ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সভাপতি বুলবুল দত্তই। অনুষ্ঠানত দুলীয়াজান ছোৱালী মহাবিদ্যালয়ৰ ছাত্ৰী সকলে সমবেত সংগীত পৰিৱেশন কৰা লগতে নাম প্ৰসংগ আৰু গায়ন-বায়ন আদি প্ৰদৰ্শন কৰা হয়।
Comments