গুৱাহাটী,১৮ জানুৱাৰী:মহাকাশ গৱেষণাত আন এক মাইলৰ খুঁটি স্পৰ্শ চীনৰ। এইবাৰ কৃত্রিম চন্দ্ৰ নিৰ্মাণ কৰিলে চীনে। অৱশ্যে চন্দ্ৰ নহয়, চন্দ্ৰৰ দৰে এক স্থানহে নিৰ্মাণ কৰা হৈছে। চন্দ্ৰৰ দৰেই মাধ্যাকর্ষণ শক্তি কম। নতুন নতুন প্রযুক্তি পৰীক্ষা কৰিবলৈ আৰু ভৱিষ্যতৰ মিছনৰ বাবে কাম কৰিব ই।
দেশৰ পূব প্ৰান্তত অৱস্থিত জিয়াংশু প্রদেশৰ জুঝৌ চহৰত নিৰ্মাণ কৰা হৈছে বিশ্বৰ প্রথম কৃত্রিম চন্দ্ৰ। সম্পূর্ণ ভৰশূন্য অৱস্থাৰ সৃষ্টি কৰা হৈছে তাত। আনহাতে, যিমান সময়ৰ বাবে প্ৰয়োজন কম মাধ্যাকর্ষণ শক্তিৰ অৱস্থা তাত সৃষ্টি কৰিব পৰা যাব। ফলত মহাকাশচাৰীসকলে অনুশীলন কৰিবলৈ ভৰশূন্য উৰাজাহাজত উঠাৰ প্রয়োজন নাই। চন্দ্ৰপৃষ্ঠলৈ কোনো প’ভাৰ পঠোৱাৰ পূৰ্বে ইয়াতেই ব্যৱহাৰিক পৰীক্ষা কৰিব পৰা যাব।
চাইনা ইউনিভাৰ্ছিটি অব মাইনিং এণ্ড টেকন’লজীৰ লি ৰুইলিনে এই কৃত্রিম চন্দ্ৰ নিৰ্মাণকাৰ্যৰ প্রধান হোতা। কৃত্রিম এই চন্দ্ৰ কিন্তু আকাৰত অতি ক্ষুদ্ৰ। ব্যাসার্ধ মাত্র দুই ফুট। ইয়াৰ পৃষ্ঠভাগ নির্মিত হৈছে শিল আৰু ধূলিৰে।
Comments