সোণাৰি, ১৮ জানুৱাৰীঃ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ সদস্যৰ দ্বাৰা অসমৰ ভূমি আইন আৰু ভূমি নীতিক অমান্য কৰি কৰা ভূমি কেলেংকাৰীৰ সন্দৰ্ভত মহামান্য উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ যোগেদি উচিত তদন্তৰ দাবী জনাই চৰাইদেউ জিলা কংগ্ৰেছ কমিটিয়ে আজি জিলা উপায়ুক্তৰ যোগেদি অসমৰ ৰাজ্যপাললৈ এখন স্মাৰক পত্ৰ দিবলৈ এক শান্তিপূৰ্ণ সমদল উলিয়ায় ।
কিন্তু জিলা প্ৰশাসনে সমদলটিক যাবলৈ বাধা প্ৰদান কৰি জিলা কংগ্ৰেছৰ মুখ্য কাৰ্যালয় সোণাৰিৰ ৰাজীৱ ভৱন চৌহদতে আৱদ্ধ কৰি ৰাখে । পৰৱৰ্তী সময়ত জিলা উপায়ুক্তৰ প্ৰতিনিধি সোণাৰি সদৰ মহকুমাধিপতি প্ৰাঞ্জল কোঁৱৰে স্মাৰক পত্ৰখন গ্ৰহণ কৰে । আজিৰ এই কাৰ্য্যসূচীত উপস্থিত থাকে অসম প্ৰদেশ মজদুৰ কংগ্ৰেছৰ সভাপতি তথা চৰাইদেউ জিলা কংগ্ৰেছৰ তত্ত্বাৱধায়ক মনোজ ধানোৱাৰ, প্ৰদেশ কংগ্ৰেছৰ সম্পাদক সুৰুয দিহিঙ্গীয়া, জিলা কংগ্ৰেছৰ সভাপতি পৱিত্ৰ শইকীয়া, কংগ্ৰেছ নেতা সুশীল চুড়ী, মহিলা কংগ্ৰেছৰ জিলা সভানেত্ৰী ৰুণু সন্দিকৈ, সংখ্যালঘু মৰ্চাৰ জিলা সভাপতি চাহজাহান আলি, জিলা মুখপাত্ৰ প্ৰদীপ চেতিয়া ফুকন, জিলা সাধাৰণ সম্পাদক নৃপেন কোঁৱৰ, সাপেখাটি ব্লক কংগ্ৰেছৰ সভাপতি বীৰেণ বড়া, সোণাৰি নগৰ ব্লক কংগ্ৰেছৰ সভাপতি বুলুমণি বৰঠাকুৰ, যুৱ-কংগ্ৰেছৰ জিলা সভাপতি বিনোদ শৰ্মা, মাহমৰা সমষ্টি যুৱ-কংগ্ৰেছৰ সভাপতি গকুল গগৈ, শ্ৰমিক নেতা সুৱল নায়ক, বিজু প্ৰধান, নমিতা পাল, প্ৰতিমা তাছা, নিপা ভৌমিক, সুজান সিং, প্ৰকাশ তাছাকে আদি কৰি বহুতো কংগ্ৰেছ নেতা-কৰ্মী ।
Comments