গুৱাহাটী, ১৮ জানুৱাৰী ঃ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আজি কইনাধৰাস্থিত ৰ নং ৰাজ্যিক অতিথিশালাত অসম-মেঘালয়ৰ মাজত থকা বহুদিনীয়া সীমা সমস্যাৰ সন্দৰ্ভত ৰাজনৈতিক দলৰ প্ৰতিনিধি তথা ছাত্ৰ সংগঠনৰ সৈতে মত-বিনিময় কৰে৷ পৃথকে পৃথকে অনুষ্ঠিত দুখন বৈঠকত মুখ্যমন্ত্ৰীয়ে দুয়োখন ৰাজ্যৰ সীমা বিবাদ নিষ্পত্তিকৰণৰ দিশত দুয়োখন ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সন্দৰ্ভত তেওঁলোকৰ মতা-মত বিচাৰে৷
ৰাজনৈতিক দলসমূহৰ প্ৰতিনিধিৰ সৈতে হোৱা বৈঠকত চিপিআই [এম], বিজেপি, এজিপি, এআইইউডিএফ, বিপিএফ, ইউপিপিএল দলৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰাৰ উপৰি ছাত্ৰ সংগঠনৰ সৈতে হোৱা বৈঠকত আছু, আবছু, আৰছু, আগছু, জিএছইউৰ প্ৰতিনিধি বৰ্গই অংশগ্ৰহণ কৰে৷ দ্বিতীয়খন বৈঠকত ৰাভা হাছাং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্যকাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাও উপস্থিত থাকে৷
ৰাজনৈতিক দলৰ প্ৰতিনিধিবৰ্গৰ সৈতে হোৱা বৈঠকত মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে অসম আৰু মেঘালয়ৰ মাজত থকা আন্তঃৰাজ্যিক সীমা সমস্যা পাঁচ দশক পুৰণি৷ ৰাজ্য চৰকাৰে আলাপ-আলোচনাৰ মাজেৰে এই সমস্যাটোৰ স্থায়ী সমাধানৰ লক্ষ্য স্থিৰ কৰিছে৷
মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে দুয়োখন ৰাজ্য চৰকাৰৰ এগৰাকী কেবিনেট মন্ত্ৰী আৰু স্থানীয় বিধায়কক সামৰি তিনিখন আঞ্চলিক সমিতি গঠন কৰা হৈছিল৷ আঞ্চলিক সমিতিসমূহৰ পৰামৰ্শ আৰু দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰী পৰ্যায়ৰ কেইবালানিও আলোচনাৰ ভিত্তিত দুয়োখন ৰাজ্যৰ আন্তঃৰাজ্যিক সীমাৰ ৬ টা এলেকাৰ ব্যৱধানৰ চূড়ান্ত নিষ্পত্তিকৰণৰ দিশত যাৱতীয় পৰিকল্পনা প্ৰস্তুত কৰা হৈছে৷
ৰাজনৈতিক দলৰ প্ৰতিনিধি বৰ্গৰ সৈতে হোৱা বৈঠকত বিৰোধীদলৰ নেতা তথা কংগ্ৰেছৰ বিধায়ক দেৱব্ৰত শইকীয়া, চিপিআই[এম]ৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ, এআইইউডিএফৰ বিধায়ক আমিনুল ইছলাম, বিপিএফৰ বিধায়ক দূৰ্গাদাস বড়ো, এজিপিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, বিজেপি দলৰ নেতা জয়ন্ত দাসে এই ক্ষেত্ৰত মতামত দাঙি ধৰে৷
বৈঠকত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহল, কেইবাগৰাকীও বিধায়ক, মুখ্য সচিব জিষ্ণু বৰুৱা, ৰাজ্য চৰকাৰৰ উচ্ছপদস্থ বিষয়াবৰ্গ আৰু ৰাজনৈতিক দলসমূহৰ প্ৰতিনিধি বৰ্গই অংশ গ্ৰহণ কৰে৷
দ্বিতীয়খন বৈঠকত মুখ্যমন্ত্ৰীয়ে সদৌ অসম ছাত্ৰ সন্থা, ৰাভা, গোৰ্খা, গাৰো আৰু বড়ো ছাত্ৰ সংগঠনৰ প্ৰতিনিধিবৰ্গৰ সৈতে এই সম্পৰ্কত মত-বিনিময় কৰে৷ বৈঠকত মুখ্যমন্ত্ৰীয়ে দীৰ্ঘদিনীয়া এই সমস্যাটো পাৰস্পৰিক বুজাবুজিৰ নীতি অনুসৰণ কৰি সমাধানৰ দিশত তেওঁলোকৰ সহায়-সহযোগিতা কামনা কৰে৷ মুখ্যমন্ত্ৰীয়ে লগতে ছাত্ৰ সংগঠন কেইটাৰ প্ৰতিনিধিবৰ্গক ৰাতাচেৰা, তাৰাবাৰী, বক্লাপাৰা, খানাপাৰা-পিলিংকাটা, হাহিম আৰু গীজাং এই ৬ টা এলেকাৰ সীমা সমস্যা সমাধানৰ দিশত পাৰস্পৰিকভাৱে হোৱা আলোচনাৰ বিষয়ে ছাত্ৰ সংগঠন কেইটাৰ প্ৰতিনিধিবৰ্গক অৱগত কৰে যাতে ইয়াৰ এক স্থায়ী সমাধান সূত্ৰ উলিয়াব পৰা যায়৷
বৈঠকত শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু, ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা, সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড॰ সমুজ্জ্বল ভট্টাচাৰ্য, সভাপতি আৰু সম্পাদক, নিখিল ৰাভা ছাত্ৰ সন্থা, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা, নিখিল বড়ো ছাত্ৰ সন্থা, সদৌ গাৰো ছাত্ৰ সন্থাৰ প্ৰতিনিধিৰ লগতে ৰাজ্য চৰকাৰৰ উচ্ছপদস্থ বিষয়াসকল উপস্থিত থাকে৷
Comments