গুৱাহাটী,১৬ জানুৱাৰী:মহাশূন্যত যিবোৰ গ্রহ-নক্ষত্র আছে সেইবোৰ সকলোৱে গোলাকাৰ নহয়। দূৰৈৰ পৰা গোলাকাৰ যেন লাগিলেও ওচৰলৈ গ’লে অন্য যিকোনো আকাৰৰ হ’ব পাৰে।
মহাকাশ বিজ্ঞানীসকলে কেইবছৰমান পূৰ্বে এটি এক্সোপ্ল্যানেট আবিষ্কাৰ কৰিছিল। এক্সোপ্ল্যানেট শব্দৰ অর্থ অন্য সৌৰজগতৰ গ্রহ। WASP-103b নামৰ উক্ত গ্রহটি আমাৰ সৌৰজগতৰ পৰা ১৮০০ আলোকবর্ষ দূৰৈত অৱস্থিত। জানিব পৰা মতে, গ্রহটিৰ আকাৰ একেবাৰে আলুৰ দৰে।WASP-103b-ৰ অৱস্থান ‘হাৰকিউলিছ’ নক্ষত্রপুঞ্জত।
WASP-103 নামৰ ‘সূর্য’ক প্রদক্ষিণ কৰিছে গ্রহটিয়ে। আমাৰ সূর্যৰ পৰা পৃথিৱীৰ যিমান দূৰত্ব তাতকৈ ৫০ গুণ কম এই দুটাৰ। সূৰ্যক নিজৰ কক্ষপথত প্ৰদক্ষিণ কৰিবলৈ পৃথিৱীৰ ৩৬৫ দিন সময় লগাৰ বিপৰীতে আলুৰ আকাৰৰ গ্রহটিক প্রদক্ষিণ কৰিবলৈ সময় লাগে মাত্র ২২ ঘণ্টা। বিজ্ঞানীসকলৰ আশা, নতুনকৈ নিৰ্মাণ কৰা জেমছ ৱেব স্পেচ টেলিস্কোপৰ সহায়ত এই এক্সোপ্ল্যানেট সম্পর্কে বহু কথা জানিব পৰা যাব।
Comments