সোণাৰি, ১৬ জানুৱাৰীঃ চৰাইদেউ জিলাৰ বৃহত্তৰ মাহমৰা অঞ্চলৰ সংবাদকৰ্মীসকলৰ উমৈহতীয়া অনুষ্ঠান মাহমৰা প্ৰেছ ক্লাৱৰ নিয়মীয়া অনুষ্ঠান 'আমাৰ অতিথি’ অনুষ্ঠানৰ জৰিয়তে পহিলা মাঘত চেপন অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী, প্ৰতিষ্ঠিত ব্যৱসায়ী অতুল চন্দ্ৰ বৰুৱাক বিশেষভাৱে সম্বৰ্দ্ধনা জনোৱা হয়। এই উপলক্ষে বিশিষ্ট সমাজকৰ্মীগৰাকীৰ চেপনস্থিত বাসগৃহত মাহমৰা প্ৰেছ ক্লাৱৰ সভাপতি সঞ্জয় নেৱাৰৰ সভাপতিত্বত অনুষ্ঠিত 'আমাৰ অতিথি’ অনুষ্ঠানত বিশিষ্ট সমাজকৰ্মীগৰাকীক গামোচা, চেলেং চাদৰ, গ্ৰন্থৰ টোপোলা আৰু প্ৰশস্তি পত্ৰেৰে বিশেষভাৱে সম্বৰ্দ্ধনা জনোৱা হয়৷
মাহমৰা প্ৰেছ ক্লাৱৰ সম্পাদক নিৰঞ্জন শইকীয়াই উদ্দেশ্য ব্যাখা কৰা অনুষ্ঠানত সম্বৰ্দ্ধনা গ্ৰহণ কৰি বিশিষ্ট সমাজকৰ্মী অতুল চন্দ্ৰ বৰুৱাই নিজৰ কৰ্মময় জীৱনৰ বিচিত্ৰ অভিজ্ঞতা বৰ্ণনা কৰাৰ উপস্থিত ৰাইজৰ সৈতে অন্তৰংগ আলাপত অংশগ্ৰহণ কৰে৷ অনুষ্ঠানত চৰাইদেউ জিলা সাহিত্য সভাৰ উপ-সভাপতি নিৰঞ্জন ফুকন, প্ৰেছ ক্লাৱৰ উপদেষ্টা তথা ৰাজ্যিক কৃতি শিক্ষকৰ বঁটা প্ৰাপক অনন্ত কৃষ্ণ মহন্ত, চেপন প্ৰেছ ক্লাৱৰ সভাপতি নিৰূপ বৰুৱা, অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত বিষয়া তোলন ফুকন, বিশিষ্ট সমাজকৰ্মী তৰুণ গগৈ, সমাজ সংগঠক-চিকিৎসক ডা° ৰূপম কুমাৰ বৰুৱা বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বৰুৱাদেৱৰ সমাজ জীৱনৰ বিভিন্ন দিশত আলোকপাত কৰে৷
সম্পাদক নিৰঞ্জন শইকীয়াই আঁত ধৰা অনুষ্ঠানত বিশিষ্ট কবি কৃষ্ণকায় মাঝি, ভূপেন গগৈ, জিতু কুমাৰ লেখাৰু, নোমল চেতিয়া আৰু যুৱ কবি নৱনীতা লেখাৰুৱে কবিতা পাঠ কৰি অনুষ্ঠানটো জীপাল কৰি তোলে৷ অনুষ্ঠানত শিক্ষক-লেখক ক্ষান্ত ফুকন, জ্যেষ্ঠ্ সাংবাদিক জিতেন ডেকা, সীমান্ত লেখাৰু, লক্ষ্মীনন্দন বৰুৱা, দেৱজিৎ চাউৰক, জ্যোতিপ্ৰসাদ চাবুকধৰা, শৰৎ ভূঞা, ফৰিদ আলী,সঞ্জীৱ বৰা, সমাজকৰ্মী প্ৰাঞ্জল বৰুৱা, বিপ্লৱ জ্যোতি মহন্ত আদি উপস্থিত আছিল৷
প্ৰেছ ক্লাৱৰ কাৰ্যকৰী সভাপতি বুলবুল বৰুৱাই শলাগৰ শৰাই আগবঢ়োৱা অনুষ্ঠানত বিশিষ্ট সমাজকৰ্মীগৰাকীৰ পত্নী জয়া বৰুৱাকো প্ৰেছ ক্লাৱৰ তৰফৰ পৰা সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয়৷
Comments