লখিমপুৰ,
১৬ জানুুৱাৰী:-ঢকুৱাখনাৰ ঐতিহাসিক তীৰ্থস্থান শ্ৰী শ্ৰী বাসুদেৱথান নৰোৱা সত্ৰত আজিৰে পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত হৈছে পৱিত্ৰ মাঘী পূৰ্ণিমাৰ বাৰ্ষিক পালনাম মহোৎসৱ।পালনাম মহোৎসৱ উপলক্ষে পুৱাৰে পৰা বিয়লিলৈকে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা অগনন ভক্তৰ ভিৰ পৰিলক্ষিত হয় বাসুদেৱ থান নৰোৱা সত্ৰৰ দৌল আৰু নামঘৰত।মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে দেশৰ-দহৰ মংগল কামনাৰে আৰম্ভ কৰি যোৱা এই মাঘী পূৰ্ণিমাৰ পালনাম মহোৎসৱ
টো পৰম্পৰাগত ভাৱে বাসুদেৱ থান নৰোৱা সত্ৰতো বৰদোৱা সত্ৰৰ নীয়ম মতে বছৰ বছৰ ধৰি উদযাপন কৰি আহিছে।পালনাম মহোৎসৱৰ কাৰ্যসূচী অনুসৰি আজি পুৱা ৯ বজাত আই সকলৰ নাম,১০ বজাত সমূহীয়া নাম প্ৰসংগ আৰু
১২ বজাৰ পৰা মুল পাল নাম ডকাৰ পৰ্ব আৰম্ভ হ'য়।পালনামৰ মুল কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বাসুদেৱ থান নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ ভূপেন্দ্ৰদেৱ গোস্বামীয়ে।পালনাম অনুষ্ঠানত নামাচাৰ্যৰূপে নগাঁও বালি সত্ৰৰ সত্ৰীয়া-ৰাজুদেৱ গোস্বামীয়ে,দুহাচাৰ্যৰূপে কলিয়াবৰ চামগুৰি সত্ৰৰ ডেকা সত্ৰীয়া কমল গোস্বামী য়ে,পাঠাচাৰ্যৰূপে-নগাঁৱৰ আইভেটী সত্ৰৰ বুবুল মহন্ত,মাজুলীৰ পুৰণি চামগুৰি সত্ৰৰ ভৰত মহন্ত,নৰসিংহ সত্ৰৰ বিপুল মহন্তই।সন্ধিয়া
৬ বজাত পালনামৰ বন্তি প্ৰজ্বলন কৰে ডেকা সত্ৰাধিকাৰ ভোগেন্দ্ৰ দেৱগোস্বামী আৰু ডেকা সত্ৰীয়া মোহন দেৱ গোস্বামীয়ে।উল্লেখ্য যে
মুল পালনাম মহোৎসৱৰ সামৰণি পৰিব কাইলৈ
বিয়লিৰ ২ বজাত।লোক বিশ্বাস অনুসৰি এই
পৱিত্ৰ পালন মহোৎসৱত শৰাই-নৈবেদ্য আগবঢ়াই সেৱা ল'লে সেৱকীৰ সকলো মনৰ কামনা পূৰ্ণ হয়।সেইয়ে বাসুদেৱ থান নৰোৱা সত্ৰৰ এই মাঘী পালনাম মহোৎসৱত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শ শ ভক্তৰ সমাগম হয়।
Comments