Classifieds
View All
গুৱাহাটী, ১৭ জানুৱাৰীঃ মণিপুৰৰ টেংনুপাল জিলাৰ অসম ৰাইফলছ আৰু টেংনুপাল বেটেলিয়নৰ সৈনিকসকলে সীমান্ত অঞ্চলত বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ কৰিবলৈ সক্ষম হয়। খবৰ অনুসৰি, জব্দ কৰা কাঠখিনিৰ মূল্য ৭৬ লাখ টকাৰ অধিক হ'ব বুলি জানিব পৰা গৈছে।
অসম ৰাইফলছে শুক্ৰবাৰে সীমান্ত অঞ্চলত এক অভিযানৰ সময়ত ভাৰত ম্যানমাৰ সীমান্তৰ ওপৰৰ পৰা অবৈধ আৰেকা বাদাম আৰু কাঠ কঢ়িয়াই অনা চাৰিখন বাহন জব্দ কৰে।
জব্দ কৰা আৰেকা বাদাম আৰু কাঠখিনিৰ মূল্য ক্ৰমান্বয়ে ৫০.২৪ লাখ টকা আৰু ৩৫.৩২ লাখ টকা আছিল।
বৰ্তমান জব্দ কৰা সামগ্ৰীখিনিৰ লগত বাহন আৰু চালকসকলক পৰৱৰ্তী আইনী প্ৰক্ৰিয়াৰ বাবে টেংনুপাল জিলা বন বিভাগ আৰু কাষ্টম প্ৰিভেণ্টিভ ফ'ৰ্চক হস্তান্তৰ কৰা হয়।
Comments