নতুন দিল্লী, ১৬ জানুৱাৰীক্তঃ দেশজুৰি চলা কভিড-১৯ৰ বিৰুদ্ধে টিকাকৰণ অভিযানে দেওবাৰে এবছৰ সম্পূর্ণ কৰিলে৷ এই সময়ছোৱাত দেশত ১৫৬.৭৬ কোটি পালি ভেকচিন দিয়া হৈছে৷ স্বাস্থ্য মন্ত্র্যালয়ৰ মতে, ৯৩ শতাংশ প্রাপ্তবয়স্কই অতি কমেও এপালি ভেকচিন আৰু ৬৯.৮ শতাংশ প্রাপ্তবয়স্কই দুয়োপালি ভেকচিন পাইছে৷ ভেকচিন অভিযানৰ বর্ষপূর্তি উপলক্ষে কেন্দ্রীয় স্বাস্থ্য মন্ত্রী মনসুখ মণ্ডাৱিয়াই দেওবাৰে আবেলি এটা ডাকটিকট মুকলি কৰে৷ কেন্দ্রীয় স্বাস্থ্য মন্ত্রীয়ে টুইটত জনাইছিল যে যোৱা বছৰ ১ এপ্রিললৈকে দেশত ১০ কোটি পালি ভেকচিন দিয়া হৈছিল৷
২৫ জুনত এই সংখ্যা ২৫ কোটিলৈ, ৬ আগষ্টত ৫০ কোটিলৈ আৰু ১৩ ছেপ্টেম্বৰত ৭৫ কোটি পালিলৈ বৃদ্ধি পাইছিল৷ কভিড-১৯ৰ বিৰুদ্ধে টিকাকৰণ অভিযান যোৱা বছৰ ১৬ জানুৱাৰীত আৰম্ভ হৈছিল৷ প্রথমে ভেকচিন দিয়া হৈছিল স্বাস্থ্য কর্মীসকলক৷ আগশাৰীৰ কর্মীৰ (ফ্রণ্টলাইন ৱর্ৰ) টিকাকৰণ আৰম্ভ হৈছিল ২ ফেব্রুৱাৰীত৷ ৬০ বছৰৰ ঊধর্বৰ তথা আন ৰোগ থকা ৪৫ বছৰৰ ঊধর্বৰ লোকৰ টিকাকৰণ আৰম্ভ হৈছিল ২০২১ চনৰ ১ মার্চত৷
৪৫ বছৰৰ ঊধর্বৰ সকলো লোকৰ বাবে ভেকচিন দিয়া অভিযান আৰম্ভ হৈছিল ১ এপ্রিলত৷ ইয়াৰ পাছত ১৮ বছৰৰ ঊধর্বৰ সকলৰ বাবে ১ মে’ৰ পৰা ভেকচিন ল’বলৈ চৰকাৰে অনুমতি দিলে৷ ১৫১৮ বছৰৰ কিশোৰ -কিশোৰীৰ বাবে চৰকাৰে এই বর্ষৰ ৩ জানুৱাৰীৰ পৰা টিকাকৰণ অভিযান আৰম্ভ কৰিলে৷
আনহাতে, স্বাস্থ্যকর্মী আৰু আগশাৰীৰ কর্মী (নিবার্চন অনুষ্ঠিত হ’বলগীয়া ৰাজ্যৰ নির্বাচনত নিয়োজিত কর্মীকে ধৰি) আৰু আন ৰোগ থকা ৬০ বছৰৰ ঊধর্বৰ লোকৰ বাবে যোৱা ১০ জানুৱাৰীত চৰকাৰে সতর্কতামূলক ভেকচিন পালি বা বুষ্টাৰ ড’জ দিয়া কাম আৰম্ভ কৰিছিল৷ দেওবাৰে পুৱালৈ দেশত ১৫৬.৭৬ কোটি পালি ভেকচিন দিয়া হৈছে৷
আনহাতে, ৪৩.১৯ লাখ পালি বুষ্টাৰ ড’জ দিয়া হৈছে ১০ জানুৱাৰীৰ পৰা৷ ১৫১৮ বছৰৰ কিশোৰ-কিশোৰীৰ মাজত এতিয়ালৈকে ৩, ৩৮,৫০,৯১২ পালি ভেকচিন দিয়া হৈছে৷ ইফালে, কভিড-১৯ ৰ বিৰুদ্ধে টিকাকৰণৰ এবছৰ হোৱা উপলক্ষে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে দেওবাৰে কয় যে ই কভিড মহামাৰীৰ বিৰুদ্ধে যুঁজত প্রবল শক্তি দিলে আৰু বহু জীৱন তথা জীৱিকা ৰক্ষা পৰিল৷ মোদীয়ে টুইটত আৰু কয়, ‘টিকাকৰণ অভিযানত জড়িত প্রত্যেকজনলৈ মই অভিবাদন জনালোঁ৷
Comments