অৰুণ বৰপাত্র গোহঁাই, চাবুৱা, ১৬ জানুৱাৰীক্তঃ অসম চৰকাৰৰ মাধৱদেৱ বটাঁপ্রাপক, সত্র ৰত্ন, আধ্যাত্মিক গুৰু, ঐতিহাসিক শ্রীশ্রীদিনজয় সত্রৰ অধিকাৰ যোগদানন্দ চন্দ্র গোস্বামীৰ আজি দিনৰ ১২-২৫ বজাত মহাপ্রয়াণ হয়৷ আধ্যাত্মিক গুৰু হিচাপে মায়ামৰা সমাজক দিগ৲দর্শন দিয়া, আজীৱন সমাজৰ হিতৰ হকে কাম কৰা, অসম আৰু অসমীয়াৰ শান্তি আৰু প্রগতিৰ বাবে আজীৱন কাম কৰা সত্রাধিকাৰজনৰ বিয়োগৰ বাতৰি বিয়পি পৰাৰ লগে লগে সমগ্র চাবুৱা অঞ্চলতে শোকৰ ছাঁ পৰে৷
তেওঁৰ ইহলীলা সম্বৰণৰ খবৰ সিখন গাঁৱৰ পৰা সিখন গাঁৱলৈ বিয়পি পৰাৰ লগে লগে তেওঁৰ শিষ্য-প্রশিষ্যৰ লগতে গুণমুগ্ধই দিনজয় সত্রৰ বাকৰিত ভিৰ কৰেহি৷ লগে লগে দবা আৰু গায়ন-বায়নেৰে সত্রাধিকাৰগৰাকী মৃতু্যত শ্রদ্ধা জনায় মায়ামৰা দীক্ষাৰে দীক্ষিত শিষ্যসকলে৷
২০১৬ চনত অসম চৰকাৰৰ মাধৱদেৱ বটাঁপ্রাপক মায়ামৰা সমাজৰ ধর্মগুৰু যোগদানন্দ চন্দ্র গোস্বামীৰ জন্ম হৈছিল ১৯২৭ চনৰ জন্মাষ্টমীৰ দিনা৷ পিতৃ আছিল মহদানন্দ চন্দ্র গোস্বামী আৰু মাতৃৰ নাম আছিল তৰাৱতী গোস্বামী৷ ১৯৫৯ চনত শ্বিলঙৰ ছেইণ্ট এন্থনীজ কলেজৰ পৰা স্নাতক ডিগ্রী লাভ কৰিছিল৷ চাবুৱাৰ দিনজয় হাজাৰীমল উচচতৰ মাধ্যমিক বিদ্যালয়ত সহঃ শিক্ষক হিচাপে ১৯৬০ চনত কর্মজীৱনৰ পাতনি মেলি ১৯৮৭ চনত অৱসৰ গ্রহণ কৰিছিল৷
১৯৬৪ চনত দিনজয় সত্রৰ যুৱ সত্রাধিকাৰ হিচাপে দায়িত্ব লোৱা যোগদানন্দ চন্দ্র গোস্বামীয়ে ১৯৯২ চনৰ পৰা দিনজয় সত্রৰ সত্রাধিকাৰ হিচাপে সত্র পৰিচালনাৰ গুৰু দায়িত্ব পালন কৰি আহিছিল৷ ১৯৯৭ আৰু ১৯৯৯ চনত দুবাৰকৈ তেওঁ অসম সত্র মহাসভাৰ সভাপতি আছিল৷ তেতিয়াই তেওঁ ৫বাৰকৈ সমগ্র অসমজুৰি শান্তি-সম্প্রীতিৰ যাত্রা কৰিছিল৷
তেওঁৰ সবল প্রচেষ্টাতে যোৰহাটত সত্রীয়া সংগীত মহাবিদ্যালয় আৰু ডিব্রুগড় বিশ্ববিদ্যালয়ত সত্রীয়া সংগীতৰ ‘বিশাৰদ’ পাঠ্যক্রম আৰম্ভ হৈছিল৷ সত্রীয়া সংগীতে ৰাষ্ট্রীয় স্বীকৃতি লাভ কৰাত তেওঁ সত্র মহাসভাৰ দায়িত্বত থকাৰ সময়ত সবলভাৱে প্রচেষ্টা লৈছিল আৰু সত্রীয়া নৃত্যই ৰাষ্ট্রীয় স্বীকৃতি তেওঁ সত্র মহাসভাৰ সভাপতি পদত থাকোঁতেই লাভ কৰিছিল৷ ২০০০ চনৰ আশে- পাশে অশান্ত জর্জৰ অসমত শান্তি -সম্প্রীতি ঘূৰাই আনিবলৈ তদানীন্তন কেন্দ্রীয় গৃহ মন্ত্রী লালকৃষ্ণ আদৱানিক দিল্লীত সাক্ষাৎ কৰি অসমত শান্তি প্রতিষ্ঠা কৰিবলৈ দাবী জনাইছিল৷ ২০১৫ চনত তেওঁক অসম সত্র ৰত্ন বঁটা প্রদান কৰা হৈছিল৷
বিশ্ব হিন্দু পৰিষদৰ কেন্দ্রীয় মার্গদর্শন সদস্য হিচাপে তেওঁ ১৪ বছৰৰো অধিক কাল কার্যনির্বাহ কৰিছিল৷ শদিয়াৰ পৰা ধুবুৰীলৈকে সমগ্র অসমজুৰি সাতবাৰকৈ অখণ্ড ভাগৱত পাঠ যাত্রা কৰিছিল৷ ব্রহ্মপুত্রৰ বুকুৱেদি তিনিবাৰকৈ সাত দিন-সাত ৰাতি আৰু চাৰিবাৰকৈ পদযাত্রা কৰি ৰাইজক শান্তি-সম্প্রীতিৰ বার্ দিছিল৷
মহাপুৰুষ অনিৰুদ্ধদেৱে প্রতিষ্ঠা কৰা মায়ামৰা ধর্মৰ মায়ামৰা দিনজয় সত্র প্রতিষ্ঠা হোৱাৰ কালৰে পৰা বর্তমানলৈকে সত্রাধিকাৰ হিচাপে আসন শুৱনি কৰা একাদশজনা সত্রাধিকাৰ আছিল যোগদানন্দ চন্দ্র গোস্বামী৷ দেশৰ কভিডসৃষ্ট পৰিস্থিতিৰ সময়ত অৱসৰপ্রাপ্ত শিক্ষক পেঞ্চনাৰগৰাকীয়ে ২২ হাজাৰ টকা অসম চৰকাৰলৈ বৰঙনি আগবঢ়াইছিল৷ ১৭৫৯ খ্রীষ্টাব্দত প্রতিষ্ঠা কৰা এই সত্রখনৰ গৰিমা অটুট ৰাখি বর্তমানলৈকে ৯৬ বছৰীয়া সত্রাধিকাৰগৰাকীয়ে ‘কভিড’ত আক্রান্ত হৈও এটা বছৰ জীৱিত থাকি সকলোৰে সৈতে মত বিনিময় কৰি থকা পৰিলক্ষিত হৈছিল৷
সেই জয়ৰ উল্লাসত বহাগৰ বিহুত চোতালৰ হুঁচৰিৰ পৰা কান্ধত ঢোল লৈ বজাইছিল৷ কিছুদিনৰ পূর্বে সামান্য আঘাত পাই চাবুৱা টাটা ৰেফাৰেল হস্পিটেলত ভর্তি হৈ পিছত ঘৰতে শয্যাগত হৈ আছিল৷ তেনে সময়তে তেওঁৰ ইচছা অনুযায়ী শনিবাৰে সত্রৰ নামঘৰত ১০জন প্রয়াত সত্রাধিকাৰক সুঁৱৰি এক তিথিৰ আয়োজন কৰা হৈছিল আৰু তিথিৰ পায়স খোৱাৰ ইচছা প্রকাশ কৰিছিল বুলি ভক্তসকলে জনায়৷ ইয়াৰ পিছতে আজি দুপৰীয়া ২২টা শৰণীয়ালৰ দলৰ সমূহীয়া সেৱা গ্রহণ কৰি থকা অৱস্থাতে সকলোৰে সন্মুখত শেষ নিশ্বাস ত্যাগ কৰে৷
ইফালে, তেওঁৰ বিয়োগত সমগ্র অসমতে শোকৰ ছাঁ পৰিছে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমৰ যোগেদি সত্রাধিকাৰগৰাকীৰ মৃত্যুত শোক প্রকাশ কৰাৰ পিছতে তেওঁৰ অন্ত্যেষ্টিক্রিয়া ৰাজ্যিক মর্যাদাৰে সমাপন হ’ব বুলি বিধায়ক পোনাকণ বৰুৱাই সংবাদ মাধ্যমক জনায়৷ মুখ্যমন্ত্রীৰ বার্তা লৈ জিলা উপায়ুক্ত বিশ্বজিৎ পেগু, ৰাজহ চক্র বিষয়া শিল্পীশিখা ঠাকুৰীয়া আৰু চাবুৱা থানাৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়া দীপাংকৰ গগৈয়ে তেওঁৰ বাসগৃহত উপস্থিত হৈ কাইলৈ ১৭ জানুৱাৰীত তেওঁৰ অন্ত্যেষ্টিক্রিয়া সম্পন্ন হ’ব বুলি জানিবলৈ দিয়ে৷
সত্রাধিকাৰগৰাকীক ৰাজ্যিক মর্যাদাৰে শেষ বিদায় জনোৱাত স্থানীয় বিধায়ক পোনাকণ বৰুৱাই বিশেষ পদক্ষেপ লয় বুলি জানিব পৰা গৈছে আৰু বিধায়কগৰাকী তেওঁৰ মৃত্যুত মায়ামৰা সমাজেই নহয় প্রকৃত অর্থত অসমীয়াই এগৰাকী আধ্যাত্মিক গুৰু হেৰুৱালে বুলি মন্তব্য কৰি গভীৰ শোক প্রকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জনাইছে৷ অসম সত্র মহাসভা, মটক স্বায়ত্তশাসিত পৰিষদ, চাবুৱা ডি ডি আৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ভূপেন বর্মন, চাবুৱা প্রেছ গীল্ড, চাবুৱা মিডিয়া ফ’ৰাম, লখিমপুৰ লোক সভাৰ সাংসদ প্রদান বৰুৱা, লাহোৱালৰ বিধায়ক বিনোদ হাজৰিকা,
বিজেপিৰ ডিব্রুগড় জিলা অ’ বি চি মর্চাৰ সভাপতি মৃদুল ৰাজখোৱা, চাবুৱা বিধানসভা সমষ্টিৰ পানীতোলা-গুইজান মণ্ডল বিজেপি, প্রস্তাৱিত শ্রীশ্রী অনিৰুদ্ধদেৱ ক্রীড়া বিশ্ববিদ্যালয়ৰ ভূমি গৰাকী উন্নয়ন আৰু সুৰক্ষা সমিতি, চাবুৱা ক্রীড়া সন্থা, অসম গণ পৰিষদৰ চাবুৱা বিধান পৰিষদ, অসম যুৱ পৰিষদ, মায়ামৰা দিনজয় সত্র উন্নয়ন আৰু পৰিচালনা সমিতি, অনিৰুদ্ধ যুৱক সংঘ, চাবুৱা আঞ্চলিক ৰঙালী বিহু সন্মিলন আদিয়ে তেওঁৰ মৃত্যুত শোক প্রকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবর্গলৈ সমবেদনা জ্ঞাপন কৰে৷ ৩জন পুত্র, এগৰাকী কন্যা
, চাৰিজন ভাতৃক প্রয়াত গোস্বামীয়ে এৰি যায়৷ তেওঁৰ ভাতৃ মুকুন্দা নন্দ গোস্বামীক সত্রখনৰ উপ-সত্রাধিকাৰ হিচাপে দায়িত্ব প্রদান কৰিছিল কিছুদিন পূর্বে৷ যিহেতু তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটি আহিছিল৷ সত্রীয়া কঠোৰ নিয়ম-নীতিৰ মাজতো আর্তজনৰ পৰিস্থিতিৰ সাপেক্ষে সংস্কাৰমুখী ভাবেৰে সকলোকে আদৰি লৈ বিৰল আদর্শ দাঙি ধৰা এইগৰাকী মহান সত্রাধিকাৰৰ বিয়োগত আধ্যাত্মিক জগতৰ এক বৃহৎ ক্ষতি বুলি বিবেচিত হৈছে৷
Comments