গুৱাহাটী, ১৭ জানুৱাৰীঃ বৰ্তমান সময়ত ক'ভিডৰ বিধ্বংসী ৰূপ সমগ্ৰ বিশ্বতে প্ৰতিফলিত হৈছে, য'ত নতুনকৈ উদ্ভৱ হোৱা অ'মিক্ৰনৰ ভয়ত মানুহে ঘৰৰ পৰা ওলাবলৈ ভয় কৰে। বিগত ২৪ ঘণ্টাত ভাৰতত ২ লাখ ৭০ হাজাৰৰো অধিক ব্যক্তি ক'ভিড পজিটিভ হিচাপে চিনাক্ত হৈছে। ভাইৰাছৰ প্ৰাদুৰ্ভাৱ পৰিহাৰ কৰিবলৈ সমগ্র বিশ্বতে ভেকছিন প্ৰদান প্ৰক্ৰিয়া ক্ষীপ্ৰতাৰে সম্পন্ন কৰা হৈছে।
ঠিক তেনেকৈ, সকলোৰে বাবে অনুপ্ৰেৰণাৰ উৎস হৈ ব্ৰাজিলৰ এজন যুৱকে ক'ভিডৰ ভেকছিন দিয়াবলৈ দেউতাকক ৬ ঘণ্টা ধৰি পিঠিত লৈ যোৱাৰ ফটো ভাইৰেল হৈ পৰিছে। এই ফটোখন প্ৰদৰ্শন কৰাৰ পিছত, সমগ্ৰ বিশ্বৰ মানুহে এই যুৱকজনক প্ৰশংসাৰে ওপচাই পেলাইছে। ভাৰতৰ মানুহে এই যুৱকজনক আধুনিক সময়ৰ শ্ৰৱণ কুমাৰৰ উপাধি প্ৰদান কৰিছে।
ভাইৰেল হৈ থকা ছবিখন তাৱী নামৰ ২৪ বছৰীয়া যুৱকৰ। এই যুৱকজন তেওঁৰ পৰিয়ালৰ সৈতে ব্ৰাজিলৰ আমাজনত বাস কৰে। তাৱীয়ে তেওঁৰ ৬৭ বছৰীয়া দেউতাকক পিঠিত লৈ ছিটাকৰণ কেন্দ্ৰলৈ লৈ গৈছে। প্ৰতিবেদন অনুসৰি, যুৱকজনে তেওঁৰ দেউতাকক ক'ৰনাৰ ছিটাকৰণ ল'বলৈ ভেকছিন কেন্দ্ৰলৈ ৬ ঘণ্টা খোজ কাঢ়ি গৈছিল। ইয়াৰ পিছত, যেতিয়া ভেকছিন লোৱা হয়, তাৱীয়ে পুনৰ দেউতাকক পিঠিত লৈ ৬ ঘন্টাৰ বাট অতিক্রম কৰি ঘৰলৈ উভতি আহিছিল।
ভাইৰেল হৈ পৰা এই ছবিখন ডাঃ এৰিক জেনিংছ চিমোয়ে সংগ্রহ কৰিছিল। ডাঃ এৰিকে এই বিষয় সন্দৰ্ভত কৈছিল, "তাৱীৰ দেউতাকে চকুৰে দেখা নাপায় নোৱাৰে আৰু খোজ কাঢ়িব নোৱাৰে। সেয়েহে তাৱীয়ে তেওঁৰ দেউতাকক ভেকছিন দিয়াৰ বাবে কান্ধত লৈ অহাৰ সিদ্ধান্ত লয়।" ইপিনে, এৰিকৰ এই ছবিখন ২০২১ চনৰ জানুৱাৰীত সংগ্রহ কৰা হৈছিল। সেই সময়ত ব্ৰাজিলত ক'ভিডৰ ছিটাকৰণ আৰম্ভ হৈছিল। ডাঃ এৰিকে এই ছবিখন ২০২১ বৰ্ষৰ ১ জানুৱাৰীত ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছিল।
Comments