Classifieds
View All
গুৱাহাটী, ১৭ জানুৱাৰীঃবিগত ২৪ ঘণ্টাত ভাৰতত ২,৫৮,০৮৯জনৰ দেহত ক'ভিডৰ সংক্ৰমণ ধৰা পৰিছে।আনহাতে,বিগত ২৪ ঘণ্টাত ভাৰতত ক'ভিডত আক্ৰান্ত হৈ ৩৮৫ জন লোকৰ মৃত্যু হৈছে।ইয়াৰ ফলত মৃত্যুৰ সংখ্যা ৪,৮৬,৪৫১ লৈ বৃদ্ধি পায়।
দেশত বৰ্তমান সক্ৰিয় ক'ভিড ৰোগীৰ সংখ্যা হৈছে ১৬,৫৬,৩৪১ জন আৰু আৰোগ্যৰ হাৰ ৯৪.২৭ শতাংশ।যোৱা ২৪ ঘণ্টাত, দেশৰ ১,৫১,৭৪০ জন লোক কৰ'নাৰ পৰা আৰোগ্য হৈছে।সোমবাৰে স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, ভাৰতত ৪৬৬ জন লোক অমিক্ৰণত আক্ৰান্ত হোৱাৰ ফলত অমিক্ৰণত আক্ৰান্তৰ সংখ্যাই ৮,২০৯ৰ ঘৰ অতিক্ৰম কৰে।
উল্লেখ্য যে, ক'ভিড মহামাৰীৰ ফলত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত ৰাজ্যসমূহৰ ভিতৰত অন্যতম হৈছে মহাৰাষ্ট্ৰ।
Comments