গুৱাহাটী,১৭ জানুৱাৰী:দিল্লীস্থিত ডিজিটেল মিডিয়া কোম্পানী স্কুপহুপ ত্যাগ কৰাৰ তিনি মাহ পিছত, সাংবাদিক সম্দিশ ভাটিয়াই তেওঁৰ কৰ্মৰাজীত হোৱা এক বেদনাদায়ক অভিজ্ঞতাৰ কথা তেওঁৰ অনুৰাগী সকলক ব্যক্ত কৰিছিল।ভাটিয়াই ইনষ্টাগ্ৰামত তেওঁৰ সৈতে হৈ যোৱা অগ্নিপৰীক্ষাৰ বিষয়ে সংক্ষিপ্তকৈ বৰ্ণনা কৰিছিল।স্কুপহুপ আনস্ক্ৰিপ্টেড অনুষ্ঠানটোৰ আঁৰৰ ব্যক্তি সম্দিশ ভাটিয়াই ৬ বছৰ ধৰি কাম কৰা ঠাইখনৰ পৰা বিদায় লোৱাৰ পিছত যথেষ্ট আৱেগিক হৈ পৰিছিল।
ভাটিয়াই ইনষ্টাগ্ৰামত কয়,"সেই ঠাইখনে মোক ইমান ঘৃণাৰে ব্যৱহাৰ কৰিছিল যে শেষত মই তাৰ পৰা বিদায় ল'বলৈ বাধ্য হ'লো।মই ৰাজহুৱা মঞ্চত কাৰো নাম ল'ব নিবিচাৰো। ৰাজহুৱাভাৱে নাম লোৱাৰ পক্ষপাতী মই নহয়।মোৰ ইচ্ছাক হত্যা কৰা হৈছিল,মোক অসন্মান কৰা হৈছিল,ঘটনাটোৰ পিছত মই যি দুখ অনুভৱ কৰিছিলো সেয়া অকল্পনীয় আছিল। মই তেতিয়া কি অনুভৱ কৰিছিলোঁ তাক স্পষ্টকৈ ক'বলৈ সক্ষম হ'বলৈ মই পুনৰ তালৈ যাবলৈ নিবিচাৰোঁ। মই বহুত দিন দিপ্ৰেচনত আছিলো আৰু কাম কৰিব নিবিচাৰিছিলো বা কেমেৰাৰ মুখামুখি হ'ব বিচৰা নাছিলোঁ,শক্তি প্ৰদৰ্শন কৰিব পৰা সমৰ্থ মোৰ নাছিল আৰু মই তাৰ পৰা ওলাই যোৱাৰ কোনো আশা দেখা নাছিলোঁ।সেই মুহূৰ্তত মোৰ এজন প্ৰকৃত সঙ্গী মোৰ সৈতে থিয় হৈ মোৰ সম্পূৰ্ণ যত্ন লৈছিল।"এতিয়া তেওঁ এটা নতুনকৈ আনফিলটাৰ্ড বাই সম্দিশ নামৰ ইউটিউব চেনেল খুলিছে যাৰ বৰ্তমানলৈকে ২লাখ চাবস্ক্ৰাইবাৰ পাৰ হৈছে।
Comments