গুৱাহাটী, ১৭ জানুৱাৰীঃ পোৱাইস্থিত আই আই টি ব'ম্বেৰ এগৰাকী স্নাতকোত্তৰ শিক্ষাৰ্থীয়ে হতাশাত ভুগি হোষ্টেলৰ সপ্তম মহলাৰ চাদৰ পৰা জঁপিয়াই আত্মহত্যা কৰাৰ খবৰ পোৱা গৈছে।
মধ্য প্ৰদেশৰ দৰ্শন মালৱীয় বুলি চিনাক্ত কৰা মেধাৱী ছাত্ৰজনে দীৰ্ঘদিন ধৰি হতাশীত ভুগি আহিছিল আৰু চিকিৎসা গ্ৰহণ কৰি আছিল বুলি জানিব পৰা গৈছে।
ইপিনে, ছাত্ৰজনে চতুৰ্থ মহলাৰ হোষ্টেলৰ কোঠাৰ এখন ব'ৰ্ডত লিখি থৈ যোৱা এক আত্মহত্যাৰ বাৰ্তাত উল্লেখ কৰা আছিল, "প্ৰায় ৪:৩০ বজাত চাদৰ পৰা জঁপিয়াই পৰাৰ আগতে কৰা মোৰ এই সিদ্ধান্তৰ বাবে কাকো দোষ দিয়া উচিত নহয়।"
ছাত্ৰজনে চাদৰ পৰা জপিয়াই পৰাত কৰ্তব্যৰত অৱস্থাত থকা এজন সুৰক্ষা কৰ্মীয়ে প্ৰচণ্ড শব্দ শুনিছিল আৰু যেতিয়া অনুসন্ধান কৰিবলৈ দৌৰি আহিছিল তেতিয়া মালৱীয়ক তলত পৰি তেজেৰে লুটুৰি-পুতুৰী হৈ থকা দেখিছিল। পৰৱৰ্তী সময়ত সুৰক্ষা কৰ্মীজনে ততাতৈয়াকৈ সংশ্লিষ্ট হোষ্টেল কৰ্তৃপক্ষ আৰু সহ-শিক্ষাৰ্থীসকলক ঘটনা সন্দৰ্ভত অৱগত কৰে।
হোষ্টেল কৰ্তৃপক্ষই আৰু সহপাঠী সকলে মালৱীয়ক ততাতৈয়াকৈ চৰকাৰী ৰাজাৱাড়ী চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে আৰু দুৰ্ঘটনাজনিত মৃত্যুৰ প্ৰতিবেদন পোৱাই আৰক্ষীক দাখিল কৰে।
আৰক্ষীৰ প্ৰাথমিক অনুসন্ধান অনুসৰি, মালৱীয় ২০২১ চনৰ মাজভাগত আইআইটি ব'ম্বেত নামভৰ্তি কৰাৰ আগতে হতাশাত ভুগি আছিল আৰু আভ্যন্তৰীণ আৰু বাহ্যিক বিশেষজ্ঞ আৰু চিকিৎসকৰ পৰা চিকিৎসা গ্ৰহণ কৰি আছিল বুলি জানিব পৰা গৈছে।
Comments