গুৱাহাটী,১৭ জানুৱাৰী:নগাঁও আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। ড্ৰাগছ ব্যৱসায়ীয়ে শেহতীয়াকৈ এম্বুলেঞ্চ ব্যৱহাৰ কৰিও ড্ৰাগছৰ ব্যৱসায় চলাই আহিছে। শেহতীয়াকৈ নগাঁও আৰক্ষীয়ে মহখুলিত অভিযান চলাই বৃহৎ পৰিমাণৰ নিছাযুক্ত ঔষধৰ লগতে ড্ৰাগছ সৰবৰাহকাৰী আৰু এম্বুলেঞ্চখন জব্দ কৰে।
উল্লেখযোগ্য যে, মহখুলিৰ চহিদুল হক আৰু তেওঁৰ পত্নী মামনি বেগমে আৰক্ষীৰ চকুত ধুলি দি নিচাযুক্ত ঔষধ আৰু ড্ৰাগছৰ এক মুকলি ব্যবসায় চলাই আহিছিল। চহিদুলে এম্বুলেঞ্চৰ জৰিয়তে ড্ৰাগছৰ ব্যবসায় চলাই অহাৰ বিপৰীতে চহিদুলৰ পত্নী মামনি বেগমে ঘুমটি দোকানত নিছা যুক্ত ঔষধৰ ব্যবসায় চলাই আহিছিল । স্বামী স্ত্ৰী দুয়ো মিলি নগাঁও চহৰতো ড্ৰাগছৰ ব্যবসায় চলাই আহিছিল । নগাঁও আৰক্ষীয়ে এই তথ্য লাভ কৰাৰ পিচতেই নগাঁও আৰক্ষীৰ এণ্টিনাৰ্কটিক স্কোৱাদৰ দলে আজি দুপৰীয়া অভিযান চলায়।
আৰক্ষীয়ে জব্দ কৰা এম্বুলেঞ্চখনৰ নম্বৰ হল এ এছ – ১২ এ চি – ৪৮৬২ । আৰক্ষীয়ে নিছাযুক্ত ঔষধৰ ব্যবসায়ৰ লগত জড়িত ৰফিকুল ইছলামকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । ৰফিকুল ইছলাম চহিদুল হক আৰু মামনি বেগমৰ সহযোগী বুলি জানিব পৰা গৈছে।
Comments