গুৱাহাটী,১৭ জানুৱাৰী:দেশৰ ৰাজধানী দিল্লীত কৰ'না ভাইৰাছৰ সংক্ৰমণৰ ঘটনা আপেক্ষিক ভাৱে হ্ৰাস পাইছে। আনহাতে, দিল্লী চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী সতীন্দৰ জৈনে কয় যে ৰাজধানীত আজি প্ৰায় ১৪,০০০-১৫,০০০ টাহে ক'ভিড সংক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে,যিটো আগৰ দিনবোৰতকৈ যথেষ্ট কম।
দিল্লীত এতিয়ালৈকে প্ৰায় ২.৮৫ কোটি লোকক ছিটাকৰণ কৰা হৈছে আৰু ১০০ শতাংশ লোকক প্ৰথম পালি দিয়া হৈছিল,৮০ শতাংশ লোকক দ্বিতীয় পালি দিয়া হৈছিল, আনহাতে প্ৰায় ১.২৮ লাখ লোকক বুষ্টাৰৰ পালি দিয়া হৈছিল। আগৰ দিনবোৰৰ তুলনাত কালি সংক্ৰমণৰ সংখ্যা যথেষ্ট হ্ৰাস পাইছিল।
দৰাচলতে, স্বাস্থ্য মন্ত্ৰীয়ে কয় যে,"দিল্লীত যোৱা কেইবাদিনো ধৰি কৰ'নাৰ ঘটনা ক্ৰমান্বয়ে হ্ৰাস পাই আহিছে। কালি দিল্লীত প্ৰায় ১৮,০০০ কৰ'না সংক্ৰমিত ৰোগী আছিল আৰু আজি ই ১৫,০০০ লৈ হ্ৰাস পাইছে।" আইচিএমআৰৰ ই-নিৰ্দেশনাৰ পিছত দিল্লীত পৰীক্ষাৰ সংখ্যাও হ্ৰাস কৰা হৈছিল। আনহাতে, সপ্তাহান্তৰ কাৰফিউৰ বাবে মানুহেও পৰীক্ষাৰ বাবে কম গৈ আছে। তৎস্বতেও দেশৰ ৰাজধানী চহৰৰ বাবে ই এক ভাল খবৰতকৈ কোনো ৰকমে কম নহয়।
Comments