Classifieds
View All
গুৱাহাটী, ১৭ জানুৱাৰীঃআজি শিল্পী দিৱস।ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱাালাৰ মৃত্যু দিনটো শিল্পী দিৱস হিচাপে পালন কৰা হয়।শিল্পী দিৱসত মহান শিল্পীগৰাকীলৈ ব্যতিক্ৰমী অংকণেৰে শ্ৰদ্ধাঞ্জলি জনালে লখিমপুৰৰ বিহপুৰীয়াৰ এজন যুৱকে।
শিল্পী দিৱসৰ দিনা পুৱাই হাতত ৰং তুলিকা লৈ এই ব্যতিক্ৰমী প্ৰয়াস মিঠুৰাজ বৰা নামৰ যুৱকজনৰ৷মিঠুৰাজৰ হাতৰ পৰশত শুকান নাৰিকলতো প্ৰাণ পালে ৰূপকোঁৱৰে।উল্লেখযোগ্য যে,পূৰ্বেও মিঠুৰাজে বিভিন্ন মাধ্যমত ছবি অংকন কৰি মহান ব্যক্তি সকললৈ শ্ৰদ্ধা জনাই আহিছে৷
Comments